জোনাই 2 নং ৰাজখানাত গাৰোসকলৰ কৃষিভিত্তিক উৎসৱ ৱান না ৱাংগালা পালন জোনাই 12 নৱেম্বৰ : জোনাইৰ 2 নং ৰাজখানাত উলাহ-মালহেৰে গাৰো সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ ৱান-না ৱাংগালা পালন ৷ প্ৰতি বছৰৰ দৰে এইবাৰো গাৰো সম্প্ৰদায়ৰ লোকসকলে খেতিৰ চপোৱাৰ পিচত পৰম্পৰাগতভাৱে ৱান-না ৱাংগালা উৎসৱ পালন কৰিছে ৷ ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ গাৰো গাঁও 2 নং ৰাজখানাত 23 তম কৃষিভিত্তিক উৎসৱ ৱান-না ৱাংগালা পালন কৰা হৈছে ৷
দুদিনীয়া কাৰ্যসূচীৰে জোনাইৰ ৰাজাখানা গাৰো ৰাজহুৱা ভৱনৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই ৱান-না ৱাংগালা উৎসৱ ৷ এই উৎসৱৰ প্ৰথম দিনা পুৱা গাৰো জনগোষ্ঠীৰ লোকসকলে জাতীয় সাজপোচাক পৰিধান কৰি পৰম্পৰাত নিয়ম অনুসৰি পতকা উত্তোলন কৰে গাঁওবুঢ়া গহীন মাৰাকে ৷ ইয়াৰ পিচতে ন-খোৱা নিয়মসমূহ পালন কৰে গাৰো সম্প্ৰদায়ৰ লোকসকলে ৷
দেওবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত গাৰো লোকসকলৰ পৰম্পৰাগত ৱান-না ৱাংগালা নৃত্য প্ৰদৰ্শনেৰে কাৰ্যক্ৰমণিকা শুভাৰম্ভ কৰা হয় ৷ উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং ৷ ভাষণ প্ৰসংগত মৰাঙে কয়, ‘‘প্ৰত্যেক জনগোষ্ঠীৰ লোকে মিলা-প্ৰীতিৰে থকাৰ ওপৰিও নিজৰ নিজৰ জনগোষ্ঠীয় সাজ-পোছাক পৰিধান কৰিব লাগে ৷ তেতিয়াহে গাৰো, বড়ো, মিচিং বুলি ইজনে সিজনক চিনি পোৱাত সুবিধা হোৱাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব পাৰিব ৷’’
অনুষ্ঠানত টি এম পি কেৰ দেবিং দেতাক বাঃকেৰ সভাপতি গোলাপ দলে, উপ-সভাপতি বিমলা ময়ং, এম এম কেৰ সম্পাদক দিনেশ য়েইন, সদৌ অসম গাৰো ইউনিয়নৰ উপদেষ্টা স্বপন মাৰাক, ৰাজাখানা গাৰো ৱান-না ৱাংগালা উদযাপন কমিটিৰ সভাপতি জ্যোতিশ চাংমা, সম্পাদক অভিমান মাৰাক, উপ-সভাপতি ৰঞ্জন চাংমা, উপদেষ্টা নিচিদ মাৰাক, প্ৰৱেশ চাংমাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:Goat Rearing Training : বাল ৰক্ষা ভাৰতৰ উদ্যোগত ছাগলী পালনৰ পাঁচদিনীয়া প্ৰশিক্ষণ সম্পন্ন