অসম

assam

ETV Bharat / state

গাৰো জনগোষ্ঠীয় নৃত্যৰে মুখৰিত হ’ল জোনাইৰ ৰাজাখানা

ধেমাজি জিলাৰ জোনাইৰ 2নং ৰাজখানাৰ গাৰো ৰাজহুৱা ভৱনৰ প্ৰাংগণত গাৰো সম্প্ৰদায়ৰ পৰম্পৰাগত 21তম কৃষিভিত্তিক উৎসৱ "ৱান-না ৱাংগালা" উদযাপন কৰা হয় ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৱান-না ৱাংগালা উৎসৱত প্ৰথম দিনা পুৱা গাৰো জনগোষ্ঠীৰ লোকসকলে জাতীয় সাজপোচাক পৰিধান কৰি পৰম্পৰাত নিয়ম অনুসৰি এই অনুষ্ঠানত উপস্থিত থাকে ৷

By

Published : Nov 13, 2021, 10:07 AM IST

Updated : Nov 13, 2021, 10:26 AM IST

wan-na-wangala-celebrations-in-jonai
গাৰো জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাইৰ ৰাজাখানা

জোনাই, 13 নৱেম্বৰ : গাৰো সম্প্ৰদায়ৰ এটি জনপ্ৰিয় উৎসৱ হ'ল "ৱান-না ৱাংগালা" ৷ গাৰো সম্প্ৰদায়ৰ লোকসকলে প্ৰত্যেক বছৰে খেতিৰ ফচল চপোৱাৰ পিছত পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰে ৷ গাৰো সকলৰ পৰম্পৰাগত বিভিন্ন খেল, নৃত্য, বাদ্যযন্ত্ৰ বজোৱা প্ৰতিযোগিতা আদি হৈছে এই উৎসৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

ধেমাজি জিলাৰ জোনাইৰ 2নং ৰাজখানাৰ গাৰো ৰাজহুৱা ভৱনৰ প্ৰাংগণত শুকুৰবাৰে অতি উলাহ-মালহেৰে অনুষ্ঠিত হয় গাৰো সম্প্ৰদায়ৰ পৰম্পৰাগত 21তম কৃষিভিত্তিক উৎসৱ "ৱান-না ৱাংগালা '(WAN-NA WANGALA)৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৱান-না ৱাংগালা উৎসৱত প্ৰথম দিনা পুৱা গাৰো জনগোষ্ঠীৰ লোকসকলে জাতীয় সাজপোচাক পৰিধান কৰি পৰম্পৰাত নিয়ম অনুসৰি এই অনুষ্ঠানত উপস্থিত থাকে ৷

গাৰো জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাইৰ ৰাজাখানা

উক্ত অনুষ্ঠানত পতকা উত্তোলন কৰে 2নং ৰাজাখানাৰ ৱান্না ৱাংগালাৰ উৎসৱৰ সভাপতি জ্যোতিশ চাংমায়ে ৷ লগতে গাৰো লোকসকলে এই উৎসৱত বছৰৰ ধান চপোৱা, ন খোৱা নিয়মসমূহ পালন কৰে ৷

ইয়াৰোপৰি দ্বিতীয় দিনাৰ কাৰ্যসূচী গাৰো লোকসকলৰ পৰম্পৰাগত 'ৱান-না ৱাংগালা' নৃত্য প্ৰদৰ্শনেৰে শুভাৰম্ভণি হয় ৷ উক্ত দিনা দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হয় এখন মুকলি সভা ৷ এই সভাখনত সভাপতি জ্যোতিশ চাংমা আৰু ৰাজাখানাৰ গাঁৱৰ গাওঁ বুঢ়া গহীন মাৰাকৰ যুটীয়া সভাপতিত্বত গাৰো লোকসকলৰ পৰম্পৰাগত ৱান-না ৱাংগালা নৃত্য প্ৰদৰ্শনেৰে আৰম্ভণি হয় ৷

গাৰো জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাইৰ ৰাজাখানা

অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কাউন্সিলাৰ সবিতা ইছলাৰী ৷ এই সভাত কাউন্সিলাৰ গৰাকীয়ে কয় যে, প্ৰত্যেক জনগোষ্ঠীয় লোকে নিজৰ নিজৰ জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰিব লাগে ৷ কিয়নো তেতিয়াহে গাৰো, বড়ো, মিচিং বুলি ইজনে সিজনক চিনি পোৱাত সুবিধা হোৱাৰ লগতে নিজৰ কৃষ্টি-সংস্কৃতি জীয়াই থাকিব ৷

সদৌ অসম গাৰো ইউনিয়নৰ উপদেষ্টা স্বপন মাৰাক, ৰাজাখানা গাঁও পঞ্চায়তৰ সভাপতি বিৰেন পেগুও এই অনুষ্ঠানত উপস্থিত থাকি বহুমূলীয়া বক্তব্য আগবঢ়ায় ৷ উক্ত সভাত ৱাৰ্ড সদস্য জয়া লাঙাছু, ৰাজাখানা ৱান-না ৱাংগালাৰ সম্পাদক নিতিশ মাৰাক, ৰঞ্জন চাংমাৰ লগতে অঞ্চলটোৰ বহু গণ্য মান্য লোক উপস্থিত থাকে ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল অসম শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন

Last Updated : Nov 13, 2021, 10:26 AM IST

ABOUT THE AUTHOR

...view details