অসম

assam

ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ক’ভিড নীতিৰ চূড়ান্ত অৱমাননা - শ্ৰমিক

গেৰুকামুখস্থিত নিৰ্মীয়মান নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্পত সংঘটিত হৈছে ক’ভিড নীতিৰ চূড়ান্তভাৱে অৱমাননাৰ ঘটনা ৷ আংশিক লকডাউনৰ মাজতে শ্ৰমিকক কামত লগোৱাৰ লগতে ক’ভিড নীতিৰো উলংঘা কৰাৰ অভিযোগ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা পেটেল কোম্পানীৰ বিৰুদ্ধে ৷ সম্প্ৰতি এই ঘটনাৰ প্ৰতিক্ৰিয়াত দল সংগঠন আৰু সচেতন মহলে প্ৰশাসনৰ সহায় বিচাৰিছে ৷

violation of covid protocol in nhpc
নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ক’ভিড নীতিৰ চূড়ান্ত অৱমাননা

By

Published : May 28, 2021, 2:26 PM IST

ধেমাজি, 28 মে’:ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত বলৱৎ হোৱাকৈ ক’ভিড সম্বন্ধীয় যি নিৰ্দেশনা জাৰি কৰিছিল, সেই নিৰ্দেশনাক অৱমাননা কৰি ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মাণৰত অৱস্থাত থকা 2000 মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শ শ শ্ৰমিকক একেলগে নিয়োগ কৰাত ধোৱাচাঙত উঠিল ক’ভিড নীতি ৷

সমগ্ৰ দেশ তথা অসমত মহামাৰীয়ে প্ৰতিদিনে বহু লোকক মৃত্যুৰ মুখলৈ লৈ গৈছে ৷ চৰকাৰে ক’ভিড-19 ৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে যিমানে কঠোৰ নিৰ্দেশনা জাৰি নকৰক কিয়, ক'ৰবাত যেন ইয়াৰ ক্ষেত্ৰত নমনীয় হৈছে ধেমাজি জিলা প্ৰশাসন ৷

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ক’ভিড নীতিৰ চূড়ান্ত অৱমাননা

উল্লেখযোগ্য যে, নামনি সোৱণশিৰি জল বিদ্যুত প্ৰকল্পত ক’ভিডৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতো প্ৰতিদিনে শ শ শ্ৰমিক একেলগে কৰ্মৰত অৱস্থাত থকা , গাড়ীৰে অহাযোৱা কৰা অথবা মাক্স, চেনিটাইজাৰৰ সঠিক ব্যৱহাৰ নকৰা আদি কাৰ্যৰ দ্বাৰা ক’ভিড নীতিৰ চূড়ান্তভাৱে অৱমাননা কৰা হৈছে ৷

ইফালে, এনএইচপিচিৰ প্ৰকল্পটোৰ দায়িত্বত থকা বহি:ৰাজ্যৰ কোম্পানীয়ে শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ সত্ত্বেও জোৰজুলুম কৰি নিৰ্মাণ কাৰ্য চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ সম্প্ৰতি দায়িত্বত থকা পেটেল কোম্পানীৰ এনে টোঘলকী কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মিচিং জাতীয় সংগঠন টি এম পি কে ৷

সংগঠনটোৱে এই সন্দৰ্ভত ধেমাজি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এক স্মাৰক পত্ৰ জৰিয়তে গুৰু গোসাঁই নমনা কোম্পানীটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিৱলৈ সজোৰে দাবী জনাইছে ৷ আনহাতে, এই সন্দৰ্ভত যদিহে তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত নমাৰ হুংকাৰো প্ৰদান কৰে সদৌ মিচিং ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকে ৷

লগতে পঢ়ক :ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন

ABOUT THE AUTHOR

...view details