অসম

assam

ETV Bharat / state

চৰকাৰলৈ কেৰেপ নকৰি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ - জোনাইত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা

জোনাইৰ কৰৈবাৰীত দিখাৰী নৈৰ গৰাখহনীয়া (Erosion) ৷ চৰকাৰলৈ বাট নাচাই হাতে হাতে দা, কোৰ, বাঁহ লৈ খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা গাঁওবাসীৰ ৷ চৰকাৰে আজি পৰ্যন্ত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ নৈপৰীয়াবাসীৰ ৷

villagers-trying-to-stop-erosion-in-jonai
জোনাইত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ

By

Published : Jul 16, 2021, 9:24 PM IST

জোনাই, 16 জুলাই :জোনাইৰ তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈবাৰীত দিখাৰী নৈৰ গৰাখহনীয়া (Erosion)ই ধাৰণ কৰিছে বিধ্বংসী ৰূপ ৷ চপৰা-চপৰে খহিবলৈ ধৰিছে নৈৰ গৰা । বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত দিখাৰী নৈৰ গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে ৷ যাৰ ফলস্বৰূপে অঞ্চলটোৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে ৷ কিন্তু ইমানৰ পাচতো অঞ্চলটোৰ গৰাখহনীয়া আৰু বান সমস্যা সমাধানৰ বাবে আজি পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে নৈপৰীয়া ৰাইজে ৷

জোনাইত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ

সেয়ে চৰকাৰলৈ বাট নাচাই বৃহস্পতিবাৰে পুৱাৰ ভাগতে হাতে হাতে দা, কোৰ, বাঁহ লৈ ওলাই আহিল স্থানীয় ৰাইজ ৷ বাৰিষাৰ আগমণৰ লগে লগে অধিক আতংকিত হৈ পৰিছে কৰৈবাৰী গাঁৱৰ জনসাধাৰণ ৷ তেলাম কৰৈবাৰী অঞ্চলৰ বাবে ক’ভিড(Covid-19) মহামাৰীতকৈ যেন অধিক ভয়ানক হৈ পৰিছে দিখাৰী নৈৰ বান-গৰাখহনীয়া ৷ গতিকে ক’ভিড সংক্ৰমণকো কেৰেপ নকৰি খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে গাঁওবাসীয়ে ৷

অসম চৰকাৰ(Assam Govt) কিম্বা বিভাগীয় কৰ্তৃপক্ষক বিজ্ঞানসন্মতভাৱে গাইড বান্ধ নিৰ্মাণ কৰি বান-গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ খহনীয়াগ্ৰস্ত ৰাইজে ৷

উল্লেখ্য যে, বাৰিষাৰ আগমণৰ লগে লগে ৰাজ্যত ক’ভিডতকৈও ভয়ংকৰ ৰূপ ধাৰণ কৰে বান-গৰাখহনীয়াই ৷ নদ-নদীসমূহে কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজক আশ্ৰয়হীন কৰা প্ৰতিবছৰে পৰিলক্ষিত হয় ৷ প্ৰতিবছৰে বানৰ তাণ্ডৱৰ ফলত ঘৰ-ভেটি সৰ্বস্ব হেৰুৱাই মথাউৰি অথবা আশ্ৰয় শিবিৰত খোপনি পাতিবলগীয়া হয় নৈপৰীয়া লোকসকলে ৷ এই সন্দৰ্ভত চৰকাৰ কিম্বা স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰা হয় যদিও তেওঁলোকে বান পৰিস্থিতি পৰিদৰ্শন কৰিয়েই সামৰাৰ অভিযোগ তোলে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক :ক’ভিডৰ RTPCR পৰীক্ষাৰ নামত ভুৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

ABOUT THE AUTHOR

...view details