ধেমাজি,১ ছেপ্টেম্বৰ:দেশজুৰি ক'লা অধ্যায়ৰ সুচনা কৰা ধেমাজি বোমা বিস্ফোৰণত নিহতৰ আত্নীয়ই ন্যায়ৰ পৰা পৰা বঞ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পুনৰ দোষীসকলক উপযুক্ত শাস্তিৰ দাবীত ধেমাজি সদৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে নিহতৰ পৰিয়ালবৰ্গই । বোমা বিস্ফোৰণত নিহতসকলক চৰকাৰীভাৱে শ্বহীদৰ মৰ্যাদা দিয়াৰ দাবীত আৰু তদন্তকাৰী বিষয়াসকলৰ ওপৰত তদন্ত কৰি শাস্তিৰ ব্যৱস্থা কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ যাতে ভৱিষ্যতে কোনো গোচৰৰ তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী বিষয়াসকলে গাফিলতি কৰিব নোৱাৰে ৷
উল্লেখযোগ্য যে, ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটো অসমৰ বাবে আছিল ৰক্ত ৰঞ্জিত এটা দিন ৷ এই দিনটোতে ধেমাজি জিলাত স্বাধীনতা দিৱস উদযাপন স্থলীত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণ ৷ চৌদিশে ছিটিকি পৰিছিল নৰমাংস, বৈছিল ৰক্তৰ নিজৰা ৷ গছৰ ডালত ওলমি ৰৈছিল নৰমাংসৰ টুকুৰা ৷ ৰাষ্ট্ৰীয় সংগীতৰ সলনি পতাকা উত্তোলনস্থলীত ভাঁহিছিল মৰণ কাতৰ আৰ্তনাদ । ইয়াৰ পিছতেই ৰাজ্যজুৰি আলফাৰ বিৰুদ্ধে তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে গৰিহণা আৰু ধিক্কাৰ দিছিল সকলোৱে ৷ সময় বাগৰিল ৷ এই ঘটনাত অভিযুক্ত বহুতো লোক সৰকি গ’ল ৷