জোনাই,২৮ অক্টোবৰ:সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে গোৰ্খা জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া(Bhai Fota celebrated in Assam) । গোর্খা জনগোষ্ঠীয় লোকসকলৰ অতিকৈ আপোন আৰু পৱিত্ৰ বুলি গণ্য কৰা ভাতৃ দ্বিতীয়া জোনাইৰ লক্ষী নেপালি বস্তিতো পালন কৰে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে(Bhai Fota celebrated in Jonai) । শুক্লপক্ষৰ দ্বিতীয়া দিনা পালন কৰা ভাতৃ দ্বিতীয়াত ভাই দোচ বা ভাই টিকা উৎসৱত ভাতৃ-ভগ্নীৰ মাজত থকা মৰমৰ এনাজৰী সুদৃঢ় কৰি ৰাখে এই উৎসৱে ।
ভগ্নীৰ হাতৰ পৰা ৰক্ষাকবচস্বৰূপ এটা ফোট লবলৈ দূৰদূৰণিৰ থকা ভগ্নীৰ গৃহলৈ যোৱা ভাতৃক ভগ্নীয়ে পূজা-অৰ্চনা কৰি ফোট আৰু মালা পিন্ধাই কামনা কৰে ভাতৃৰ সুস্বাস্থ্য । ভাতৃ-ভগ্নীৰ মাজত থকা এই মৰম স্নেহ, আবেগ-অনুভুতিৰ বাবেই এই উৎসৱে বিশেষ তাৎপর্য বহন কৰিছে জনগোষ্ঠীটোৰ লোক সংস্কৃতিত(Bhatri dwitiya Festeval of Nepalese) । এই মহানতাৰ বাবেই ভাতৃ দ্বিতীয়াৰ দিনা প্ৰতিজন গোর্খা লোকসকলৰ গৃহত এই উৎসৱ আয়োজন কৰা হয় উলহ মালহেৰে ।