ধেমাজি, 15 ছেপ্তেম্বৰঃসদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী কেন্দ্ৰীয় উপসভাপতি চিত্তৰঞ্জন বসুমতাৰীক সোমবাৰে সদৌ ধেমাজি ছাত্র সন্থাৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আছুকে ধৰি বিভিন্ন দল সংগঠনে আনুষ্ঠানিকভাৱেজনালে বিদায় । আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থকা এই বিদায় অনুস্থানত জ্যেষ্ঠ সকলৰ চৰণ চুই সেৱা লোৱাৰ লগতে সকলোৰে লগত আলিংগন কৰি উচুপি উঠিল আছুৰ সদ্য বিদায়ী জেষ্ঠ নেতাজন । ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আতঁ ধৰা এই অনুষ্ঠানত উপস্থিত থাকি আগন্তুক দিনৰ বাবে শুভেচ্ছামূলক ভাষণ আগবঢ়াই আটাছুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ৰাতুল বুঢ়াগোহাঁইকে ধৰি বিভিন্ন দল সংগঠনৰ বহু সংখ্যক ছাত্রনেতা। অনুস্থানটোতে এখন শৰাই আৰু বঁটাৰেবিদায় সম্ভাষণ জনাই নেতাজনক ।
এক আবেগিক পৰিবেশত চিত্তৰঞ্জন বসুমতাৰীৰ বিদায় অনুষ্ঠান - CHITRA RANJAN BASUMATARY
সদৌ অসম ছাত্র সন্থাৰ ধেমাজি জিলা পৰিষদৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে বিদায় দিলে একালৰ সতীৰ্থ তথা জেষ্ঠ নেতা চিত্তৰঞ্জন বসুমতাৰীক ৷ আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থকা এই বিদায় অনুস্থানত জ্যেষ্ঠ সকলৰ চৰণ চুই সেৱা লোৱাৰ লগতে সকলোৰে লগত আলিংগন কৰি উচুপি উঠিল আছুৰ সদ্য বিদায়ী জেষ্ঠ নেতাজন ।
বিভিন্ন দল-সংগঠনে আনুষ্ঠানিকভাৱে বিদায় দিলে চিত্তৰঞ্জন বসুমতাৰীক
সোমবাৰৰ এই অনুষ্ঠানটোত জোনাই, বাহি জোনাই, টেলাম, ডেকাপাম, চিমেন চাপৰি, ডিমৌ, চিলাপথাৰ, চিচি বৰগাও, চিৰিপানি, মৰিধল, মাছখোৱা, হাতীগড় আদি আঞ্চলিকৰ কৰ্মীসকলেও উপস্থিত থাকি জনালে বিদায়ী সম্ভাষণ ।
উল্লেখ্য যে ২০০৫ বৰ্ষত ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক আৰু ২০০৮ত জিলা সভাপতি পদ অলংকৃত কৰাৰ পিছত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্যৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক আৰু পৰৱৰ্তী সময়ত উপসভাপতিৰ দায়িত্ব নিয়াৰিকৈ কৰি গৈছিল সমাপন ৷
Last Updated : Sep 15, 2020, 12:39 PM IST