অসম

assam

ETV Bharat / state

জোনাইত জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান আৰম্ভ - জাপানীজ এনকেফেলাইটিজৰ টীকাকৰণ

জোনাইত সোমবাৰৰ পৰা জাপানীজ এনকেফেলাইটিজৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ মহকুমা স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত স্কুল-কলেজত এই টীকাকৰণ অভিযানৰ আৰম্ভ কৰে ৷ দ্বিতীয় পৰ্যায়ত গাঁৱে-গাঁৱে এই অভিযান চলাব স্বাস্থ্য বিভাগে ৷

ASC10072_Jonainews_25oct
জোনাইত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান আৰম্ভ

By

Published : Oct 26, 2021, 11:36 AM IST

জোনাই, 26 অক্টোবৰ : জোনাইত সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাপ্তবয়স্ক লোকৰ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান ৷ এই কাৰ্যসূচীৰ অধীনত 15-65 বছৰৰ সকলো লোককে প্ৰদান কৰা হ’ব জাপানীজ এনকেফেলাইটিছৰ টীকা ৷

জোনাইত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান আৰম্ভ

সোমবাৰে জোনাই মহকুমাৰ অন্তৰ্গত চমকং হাইস্কুল, লাইমেকুৰী হাই ছেকেণ্ডাৰী স্কুল, তেলেম ট্ৰাইবেল হাইস্কুল, গালী হাইস্কুল আৰু জোনাই বালিকা মহাবিদ্যালয়ত এই শিবিৰ মুকলি কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে ৷ সোমবাৰৰ দিনটোত পাঁচটা শিবিৰত 1,003 গৰাকী প্ৰাপ্তবয়স্ক লোকৰ টীকাকৰণ সম্পন্ন কৰে স্বাস্থ্য বিভাগে ৷

মহকুমা স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত স্কুল-কলেজত এই টীকাকৰণ অভিযানৰ আৰম্ভ কৰিছে ৷ ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ত গাঁৱে-গাঁৱে কমিউনিটি পৰ্যায়ত এই অভিযান চলাব স্বাস্থ্য বিভাগে ৷ জোনাইত জাপানীজ এনকেফেলাইটিছৰ ভেকচিন গ্ৰহণ নকৰা লোক বৰ্তমান স্কুল-কলেজ পৰ্যায়ত আছে ১৪,১০৭ গৰাকী আৰু কমিউনিটি পৰ্যায়ত আছে মুঠ ৬,৫০০ গৰাকী ৷

জোনাইত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান আৰম্ভ

মহকুমাটোত মুঠ ২০,৬০৭ গৰাকী লোক জাপানীজ এনকেফেলাইটিছৰ ভেকচিন গ্ৰহণ নকৰা লোক আছে ৷ মহকুমাটোত মুঠ ২০,৬০৭ জন লোকক এমাহৰ ভিতৰত জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে মহকুমা স্বাস্থ্য বিভাগে ৷ ইয়াৰ লগতে ১৫ ৰ পৰা ৬৫ বছৰ বয়স সামৰি আৰম্ভ কৰা এই অভিযানে প্ৰাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছৰ দ্বাৰা প্ৰভাৱিত জোনাইৰ মুঠ ৪০৫ টা খণ্ড সামৰি ল’ব ।

জোনাইত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান আৰম্ভ

৪১ গৰাকী নাৰ্চ, ২৮ জন এম পি ডব্লিউ কৰ্মচাৰী, আশাকৰ্মী আৰু 200 জন চুপাৰভাইজাৰক লৈ এমাহৰ ভিতৰত প্ৰাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণৰ লক্ষ্য স্থিৰ কৰি লোৱা কথা জানিবলৈ দিয়ে মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ গতিকে জোনাই মহকুমাৰ সকলো ৰাইজক জাপানীজ এনকেফেলাইটিছৰ টীকা গ্ৰহণ কৰি নিজৰ লগতে সমাজখনকো সুৰক্ষিত কৰিবলৈ আহ্বান স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানৰ ৷

লগতে পঢ়ক :সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ : শক্তিমন্ত্ৰীৰ হস্তক্ষেপ দাবী

For All Latest Updates

ABOUT THE AUTHOR

...view details