জোনাই, ৬ ছেপ্টেম্বৰ :ধেমাজি জিলাৰ জোনাইৰ দুখন জনবসতি গাঁও পৰিণত হ'ল ধ্বংসস্তূপলৈ । বছৰ বছৰ ধৰি জনবসতিপূর্ণ গাঁও দুখন হঠাৎ ৰূপান্তৰ হল ধ্বংসস্তূপলৈ । এটা সময়ত জনবসতিপূর্ণ তথা বিভিন্ন খেতি পথাৰেৰে নদন-বদন হৈ থকা গাঁও দুখন আজি পৰিণত হ'ল মৰুভূমিত । ঘৰ-দুৱাৰ, খেতি পথাৰ পোত গ’ল বালি পলসত ।
ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ ১ নং আৰু ২ নং ৱাৰ্ডৰ চিয়াং নদীৰ ভয়ংকৰ বান খহনীয়াই তচনচ কৰিলে প্রায় শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি । যোৱা কেইদিনমান পূর্বে কালৰূপ ধাৰণ কৰা চিয়াং নদীৰ প্ৰলংকাৰী বানে কবু চাপৰিৰ ১, ২, ৩ আৰু ৪ নং ৱাৰ্ডৰ শ শ পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি সম্পূৰ্ণৰূপে প্লাৱিত কৰিছিল ৷ বিশেষকৈ ১ আৰু ২ নং ৱাৰ্ডৰ বানাক্ৰান্ত ৰাইজক জোনাই মহকুমা প্রশাসনে জোনাই সদৰৰ এখন অস্থায়ী বান শিবিৰত আশ্রয় প্ৰদান কৰিছিল ৷
লগতে পঢ়ক:চৰ্চাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন