ধেমাজি, 26 ডিচেম্বৰ :যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগত (Education department of Assam) সংস্কাৰ অনাৰ লক্ষ্যৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে বিপথে পৰিচালিত হৈছে বিভাগটো ৷ ধেমাজি আৰক্ষীয়ে শেহতীয়াকৈ চলোৱা এক অভিযানত আটক কৰা হৈছে দুগৰাকী ভুৱা শিক্ষক ৷ জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগত আটক হৈছে শিক্ষকক দুগৰাকীক (Fake teachers arrested in Dhemaji) ৷
বৰ্তমান এই দুগৰাকী শিক্ষক ৰঙাঘৰৰ আলহী ৷ আটকাধীন শিক্ষকদ্বয় ক্ৰমে যতীন ৰামচিয়াৰী আৰু জয়ন্ত মিলি ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধেমাজি শিক্ষা বিভাগৰ দ্বাৰা দাখিল কৰা এক গোচৰৰ ভিত্তিত দুয়োগৰাকী শিক্ষককে আটক কৰা হৈছে ৷