অসম

assam

ETV Bharat / state

Two Students drown in Siang River: ডিজেলৰ অভাৱত বন্ধ উদ্ধাৰ অভিযান

ডিজেল নাই অৰুণাচল চৰকাৰৰ ৷ চিয়াঙৰ বুকুত ৯ দিনে সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰৰ উদ্ধাৰ অভিযান বন্ধ ৷ অভিযানৰ বাবে অৰুণাচল পাছিঘাটৰ এছ ডি আৰ এফ বাহিনীক ৩০ লিটাৰ ডিজেল যোগান পৰিয়ালৰ ৷ অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী পৰিয়াল আৰু আছু নেতৃত্বৰ ৷

By

Published : Jul 25, 2022, 9:23 PM IST

2 Students drown in Siang River
চিয়াং নৈৰ বুকুত সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ

জোনাই, ২৫ জুলাই : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ খৰস্ৰোতা চিয়াং নৈৰ বুকুত সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰৰ সন্ধান ৯ দিনে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফৰ উদ্ধাৰকাৰী দল(Two students of Dibrugarh University remain untraced) । বিগত ১৭ জুলাইত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ ৰাণাঘাটত চিয়াং নৈত গা ধুবলৈ যোৱাৰ সময়ত চিয়াঙৰ কোবাল সোঁতে উটুৱাই নিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ প্ৰসিদ্ধ সন্দিকৈ আৰু শুভদ্বীপ পলক (Dibrugarh University Students Go Missing In Siang River) ৷

ছাত্ৰ দুজনৰ সন্ধানত অৰুণাচল পাছিঘাটত এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল যদিও সম্প্ৰতি ডিজেলৰ অভাৱত এই উদ্ধাৰ কাৰ্য বন্ধ কৰি ৰখা হৈছে বুলি জানিব পৰা হৈছে । অৰুণাচল প্ৰশাসনে কোনোধৰণৰ সহযোগিতা নকৰাৰ বাবে উপায়ন্তৰ হৈ পৰিছে পৰিয়ালৰ লোক । ইফালে দুদিনমানৰ পূৰ্বে উদ্ধাৰ কাৰ্য পুনৰ আৰম্ভ কৰিবলৈ পৰিয়ালে ৩০ লিটাৰ ডিজেলৰ কূপন আগবঢ়াইছিল অৰুণাচল চৰকাৰৰ এছ ডি আৰ এফক ।

ভুক্তভোগী পৰিয়াল আৰু আছু নেতৃত্ব

ইয়াৰ পিছতো অৰুণাচল প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত সোমবাৰে জোনাই মহকুমা প্ৰশাসনৰ কাষ চাপিল ডিব্ৰুগড় চিৰিং চাপৰিৰ চিয়াং নদীত নিখোজ হোৱা প্ৰসিদ্ধ সন্দিকৈৰ পিতৃ অনন্ত সন্দিকৈ আৰু মাতৃ লাৱণ্য সন্দিকৈ । পুত্ৰৰ সন্ধান উলিয়াই দিয়াত সহযোগিতা কৰাৰ বাবে কাতৰ অনুৰোধ জনালে জোনাই মহকুমা প্ৰশাসনক ৷ ইফালে জোনাই মহকুমা এছডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৷ আজি পুনৰ অসম-অৰুণাচল সীমান্তত ঐৰামঘাটৰ পৰা আৰম্ভ কৰি চেঙাজানলৈ উদ্ধাৰ অভিযান চলায় দলটোৱে ৷

সন্ধানহীন ছাত্ৰ দুজনৰ উদ্ধাৰৰ বাবে অৰুণাচল চৰকাৰক সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি বিকাশ মিছং আৰু জোনাই মহকুমা আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰক আহ্বান জনাইছে ৷ আনহাতে, প্ৰসিদ্ধ আৰু শুভদ্বীপৰ দুৰ্ভগীয়া পৰিয়ালেও অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :HSLC compartmental exam: পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে পৰীক্ষাৰ্থীক

ABOUT THE AUTHOR

...view details