জোনাই, ৫ মাৰ্চ : জামজিঙত অঘটন ৷ শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ জামজিঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জোনাই অভিমুখে আহি থকা এখন ট্ৰাক আৰু এখন অট’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত থিতাতে নিহত হয় অট’খনত থকা দুই মহিলা আৰু আহত হয় এজন (Two person death in a road accident at Jonai) ৷
নিহত দুই মহিলা ডেকাপামৰ ডেকামিচিং কোম্পানী গাঁৱৰ অৰ্চনা পেগু (৪০) আৰু মিনতি পেগু (৪৫) বুলি জানিব পৰা গৈছে ৷ আনহাতে, আহত দিলীপ পেগুক অতি সংকটজনক অৱস্থাত প্ৰথমে ভৰ্তি কৰোৱা হয় ডেকাপাম ক্ষুদ্ৰ প্ৰাৰ্থমিক চিকিৎসালয়ত ৷ অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় আহত পেগুক ৷ এই পথ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হয় দুৰ্ঘটনাগ্ৰস্ত অট’খন ৷