অসম

assam

By

Published : Jun 29, 2021, 6:45 AM IST

ETV Bharat / state

চিমেন চাপৰিত এটা কুঁৱাৰ ভিতৰত দুজনৰ মৃত্যু

চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাৱঁত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ একেটা কুঁৱাৰ ভিতৰতে মৃত্যু দুজন লোকৰ ৷ কিন্তু কেনেকৈ সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনাটো ?

চিমেন চাপৰিত এটা two-killed-inside-a-well-in-simen-chaporiকুঁৱাৰ ভিতৰত দুজনৰ মৃত্যু
চিমেন চাপৰিত এটা কুঁৱাৰ ভিতৰত দুজনৰ মৃত্যু

জোনাই, 29 জুন : ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাৱঁত সোমবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ এটা কুঁৱা মেৰামতি কৰিবলৈ লঁওতেই সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো ৷ কুঁৱাটোৰ পৰা পানী যোগান ধৰিবলৈ ব্যৱস্থা কৰা তথা বিজুটি হৈ থকা বৈদ্যুতিক যন্ত্ৰপাতি মেৰামতি কৰিবলৈ গৈ অক্সিজেনৰ অভাৱত মৃত্যু হয় চিমেন চাপৰিৰ নতুন ৰংপুৰীয়া গাঁৱৰ সোনাৰাম নাৰ্জাৰীৰ পুত্ৰ তথা ৰাজমিস্ত্ৰী উপেন নাৰ্জাৰী ৷ লগতে তেখেতক বচাবলৈ কুঁৱাত নামি কৰুণ মৃত্যুক সাৱটি লয় কুঁৱাৰ মালিক নিতুল দাসেও ৷

চিমেন চাপৰিত এটা কুঁৱাৰ ভিতৰত দুজনৰ মৃত্যু

উল্লেখ্য যে, সোমবাৰে পুৱা 9:30 বজাত কুঁৱাটোৰ বৈদ্যুতিক যন্ত্ৰপাতি মেৰামতি কৰিবলৈ তললৈ নামি যায় ৰাজমিস্ত্ৰী উপেন নাৰ্জাৰী ৷ কিন্তু ছয়ত্ৰিশ ফুট গভীৰতা থকা কুঁৱাটোৰ অভ্যন্তৰলৈ গৈ পোৱাৰ পিছত অক্সিজেনৰ অভাৱত উপেন নাৰ্জাৰীয়ে উশাহ- নিশাহ লোৱাত কষ্ট অনুভৱ কৰে উপেন নাৰ্জাৰীয়ে ৷ মিস্ত্ৰীগৰাকীক বিপদৰ পৰা বচাবলৈ কুঁৱাৰ মালিক নিতুল দাসো তললৈ নামি যায় ৷ তেনে অৱস্থাতে অক্সিজেনৰ অভাৱত দুয়োগৰাকীয়ে কৰুণভাৱে মৃত্যুক আকোৱালি ল'বলগা হয় ৷

অৱশ্যে অক্সিজেনৰ অভাৱত নে বৈদ্যুতিক শ্ব'কৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া নিশ্চিত হোৱা নাই ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে চিমেন চাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ পাছত জোনাই আৰু চিলাপথাৰৰ পৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱানে উপেন নাৰ্জাৰী (32) আৰু নিতুল দাস(30 )ৰ মৃতদেহ উদ্ধাৰ কৰে ৷

মৃত্যুৰ সময়ত উপেন নাৰ্জাৰীয়ে পত্নী,এজন পুত্ৰ, দুগৰাকী কন্যা সন্তান,পিতৃ, মাতৃক এৰি গৈছে ৷ নিতুল দাসে পত্নী, এজন পুত্ৰ, এজনী কন্যা, মাতৃক ইহ সংসাৰত এৰি থৈ গৈছে ৷ এই মৰ্মান্তিক ঘটনাটোৰ ফলত চিমেন চাপৰি কৈৱৰ্ত গাঁৱৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ কিমান সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ ?

ABOUT THE AUTHOR

...view details