জোনাই, 2 আগষ্ট:পখিলা খেদি ফুৰাৰ বয়সতে জীৱন সংগ্ৰামত ব্ৰতী হৈ পৰিছে জোনাইৰ দুই কণমানি (Struggling story of two kids)। ধেমাজি জিলাৰ জোনাইৰ ৩ নং মুৰ্কংচেলেক গাঁৱৰ নিবাসী তথা পিতৃহীন কণমানি দুটি শিশুৱে সোণোৱালী শৈশৱৰ ধেমালিৰ বিপৰীতে নামিবলৈ বাধ্য হৈছে জীৱন সংগ্ৰামত(Two kids of Jonai are selling vegetables) ।
জোনাইৰ দৈনিক বজাৰৰ এচুকত শাক-পাচলি লৈ গ্ৰাহকৰ অপেক্ষাত দৈনিক বহি থকা দুই কণমানি শিশুৰ বিষয়ে জানিবলৈ বা বুজিবলৈ হয়তো কাৰোৰে আহৰি নাই । খুব কম বয়সতে জীৱন সংগ্ৰামত ব্ৰতী হৈ পৰা এই দুই কণমানি শিশু দুটিৰ নাম হৈছে বিশ্ব ঘোষ আৰু ৰাজু ঘোষ । বিশ্ব ঘোষ পঞ্চম শ্ৰেণী আৰু ৰাজু ঘোষ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ।
জানিব পৰা মতে, তিনি বছৰ পূৰ্বে পিতৃহাৰা দুই শিশুৰ দৰিদ্ৰ মাতৃয়ে এখন হোটেলত বাচন-বৰ্তন ধুই এদিনত লাভ কৰিছিল 150 টকা । কিন্তু সেই ডেৰশ টকাৰে পৰিয়ালটি নচলাত নিষ্ঠুৰ বাস্তৱৰ একোৱে আওভাও নজনা দুই কণমানি শিশুৱে নিজৰ পঢ়া-শুনাৰ খৰচ আৰু পেটৰ তাড়নাত শাক-পাচলিৰ এখন সৰুকৈ দোকান দি আৰম্ভ কৰিছে জীৱন সংগ্ৰাম ।