ধেমাজি, 18 জুলাই: ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত প্ৰায় প্ৰতিখন জিলাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ হোৱাৰ সময়তে দেওবাৰে ধেমাজিৰ চিলাপথাৰৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ লগতে জব্দ কৰে 19 গ্ৰাম হেৰ'ইনসহ বহু আপত্তিজনক সামগ্ৰী ৷ ধেমাজি আৰক্ষীৰ উপ পৰিদৰ্শক নেকিবুদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ এক দলে চলাইছিল এই অভিযান ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰ্পুনপুলিত অভিযান চলাই চিলাপথাৰ-জোনাই ৰোড সংযোগী পথৰ পৰা কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক ৷ আটকাধীন দুজন ধেমাজি গোঁহাই গাঁৱৰ আকাশ বৰগোঁহাই আৰু চিলাপথাৰ কৰ্পুনপুলি গাঁৱৰ মানস পাইত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত ব্যৱসায়ী দুজনৰ পৰা 19 গ্ৰাম হেৰ'ইন, নগদ 9280 টকা, দুটা ম’বাইল হেণ্ডচেট, এটা চিৰিঞ্জ আৰু এখন চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ কৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য আনুমানিক প্ৰায় ডেৰ লাখ টকা ৷