জোনাই ৩ ডিচেম্বৰ :ক'ৰোনা মহামাৰী মাজতে জোনাইত অচিন ৰোগৰ আতংক ৷ ইতিমধ্যে এই অচিন ৰোগে জোনাইৰ দুজনকৈ লোকৰ প্ৰাণ কাঢ়িছে ৷ জোনাই মহকুমাৰ অতি পিছপৰা চিলে গাঁও পঞ্চায়তৰ বাহিৰ চিলেৰ উকিৰাম নৰহৰ পুত্ৰ প্ৰশন্ন নৰহ (৩০), মনেশ ঙাতেৰ পুত্ৰ বিজয় ঙাতে (১৭) নামৰ লোক দুজনৰ এই অচিন ৰোগত মৃত্যু হয় ৷ অস্বাভাৱিক ভাবে লোকদুজনৰ মৃত্যুৰ ঘটাক লৈ অঞ্চলটোৰ সাধাৰণ লোকসকলৰ মাজত আতংকৰ পৰিবেশে বিৰাজ কৰিছে ৷
ভৰি- হাতৰ দুৰ্বল হৈ খোজ কঢ়াত অসুবিধা হোৱা আৰু বমি এই ৰোগৰ লক্ষণ ৷ স্থানীয় লোক সকলে জানিবলৈ দিয়া মতে, এই অচিন ৰোগত বমিৰ লক্ষণ দেখা দিয়া সকল বেছিদিন বেমাৰত ভূগি নাথাকে আৰু অতি সোনকালে মৃত্যুক আঁকোৱালি লয় ৷ অচিন ৰোগবিধত আক্ৰান্ত ৰোগী সকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা হৈছিল যদিও কোনোধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নায় ৷ বৰ্তমানেও জোনাইৰ বাহিৰ চিলে গাঁৱৰ ছয়জনকৈ লোক ক্ৰমে নিলেছ ৰেগন, পুত্ৰ জনাৰ্ধন পেগু, মনোজ ঙাতে, ৰবিন ৰেগন, প্ৰমনাথ ৰেগন, প্ৰশান্ত নৰহ নামৰ লোক কেইজন এমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ থকা বুলি জানিব পৰা গৈছে ৷