জোনাই, ২৩ জুন : ডিগবৈৰ আৰক্ষীৰ জালত জালত পৰিল ধেমাজিৰ বিতৰ্কিত ব্যৱসায়ী সঞ্জীৱ দাস ৷ অসম-অৰুণাচল সীমান্ততৰ জোনাইৰ লগতে অৰুণাচলৰ আৰু অসমত বছৰ বছৰ ধৰি চোৰাং কাঠৰ লগতে বিভিন্ন অবৈধ ব্যৱসায়ত চলায় অহা জোনাইৰ বিতৰ্কিত কাঠ ব্যৱসায়ী সঞ্জীৱ দাসক সোমবাৰে নিশা ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
জানিব পৰা মতে, গাড়ী চোৰৰ অপৰাধত সঞ্জীৱ দাসক গ্ৰেপ্তাৰ কৰা কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি, ডিগবৈ আৰক্ষী থানাত কিছুদিন পূৰ্বে পঞ্জীয়ন হোৱা এখন স্কৰপিঅ’ গাড়ী চুৰি ঘটনাৰে জড়িত থকা অভিযোগত বিতৰ্কিত ব্যৱসায়ী দাসৰ লগতে জোনাইৰ ইলিয়াছ আলি নামৰ আন এজন লোককো ডিগবৈ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে । চুৰি হোৱা স্কৰপিঅ’ গাড়ীখনৰ তদন্ত কৰি আৰক্ষীয়ে জি, পি, আৰ, এছৰ সহায়ত গাড়ীখনৰ অৱস্থিতি চিলাপথাৰ, জোনাই আৰু সীমান্তৱৰ্তী অৰুণাচলৰ ওচৰে-পাজৰে থকাতো নিশ্চিত হয় । ইয়াৰ পিছতে সোমবাৰে নিশাই ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা বগীবিল দলংৰ সমীপৰ পৰা ব্যৱসায়ী সঞ্জীৱ দাস আৰু ইলিয়াছ আলিক এ, আৰ-০৯-চি-৬০০০ নম্বৰৰ গাড়ীৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ।