জোনাই, 18 এপ্ৰিলঃ জোনাই ঐৰামঘাটত অৰুণাচলীয়ে নিৰ্মাণ কৰা দুখন বাঁহৰ গেট উচ্চেদ কৰে প্ৰশাসনে ৷ অসম-অৰুণাচল আৰক্ষী প্ৰশাসনৰ লগতে মিচিং জাতীয় সংগঠন টি এম পি কে আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ভাঙি দিয়া হয় গেট দুখন ৷
জোনাইত অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰা দুখন বাঁহৰ গেট উচ্চেদ - অসম আৰক্ষী প্ৰশাসন
অসম আৰক্ষী প্ৰশাসন আৰু অৰুণাচল আৰক্ষী প্ৰশাসনৰ উপস্থিতিত সীমান্তত থকা দুখন বাঁহৰ গেট ভাঙি দিয়া হয় ৷ দুয়োপক্ষৰ বুজাবুজি আলোচনাৰ জৰিয়তে ভাঙি দিয়া হয় গেট দুখন ৷

জোনাই ঐৰামঘাটত অৰুণাচল সীমান্তত প্ৰায় এক কিলোমিটাৰ ভিতৰত অসমৰ ভূমিত অৰুণাচলী লোকে লক ডাউনৰ সুযোগ লৈ বাঁহৰ গেট নিৰ্মাণ কৰিছিল ৷ ফলত গেটখনৰ ভিতৰত আবদ্ধ হৈ পৰিছিল অসমৰ প্ৰায় ১২ টা পৰিয়াল। যোৱা বুধবাৰে ২০-২৫ জনীয়া এটা অৰুণাচলী দলে হাতে হাতে দা,বন্দুক আদি লৈ অসমৰ ভূমিত প্ৰায় এক কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি বেদখলৰ উদ্দেশ্যে বাঁহৰ গেট নিৰ্মাণ কৰা কাৰ্যত সীমান্তত থকা অসমৰ কেমি,ঐৰামঘাট অঞ্চলৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে,বহাগ বিহুৰ দিনাই আৰু লক ডাউনৰ সময়তে বহিৰাগত লোকে গেট নিৰ্মাণক লৈ জোনাইৰ সীমান্তৰ কেমি, ঐৰামঘাটবাসী ৰাইজৰ মাজত উত্তেজনাই বিৰাজ কৰে ৷ শুকুৰবাৰে জোনাই মহকুমা আৰক্ষী প্ৰশাসন আৰু অৰুণাচল আৰক্ষী প্ৰশাসনৰ লগতে মিচিংসকলৰ জাতীয় সংগঠন টি এম পি কেৰ একাংশ নেতাৰ লগতে স্থানীয় অৰুণাচলী যুৱকৰ মাজত গেট নিৰ্মাণ স্থানত একেলগে উপস্থিত হৈ শান্তি মীমাংসাৰ জৰিয়তে গেট দুখন উঠাই দিয়ে ৷ দুই ৰাজ্যৰ মাজত কোনোধৰণৰ বিবাদ নোহোৱাকৈ এনেদৰে অসম অৰুণাচল আৰক্ষী প্ৰশাসনৰ লগত জাতীয় সংগঠন টি এম পি কে তথা স্থানীয় অৰুণাচলী যুৱকৰ মাজত হোৱা এনে শান্তি মিমাংসাক আদৰণি জনাইছে দুই ৰাজ্যৰ সীমান্তবাসী ৰাইজে ৷
লগতে পঢ়ক- দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক