জোনাই, 10 নৱেম্বৰ:জোনাইত মাৰ যোৱা নাই কালিং হত্যাৰ চাঞ্চল্য (Murder at Jonai)৷ প্ৰেমেই কাল হ’ল নেকি কালিঙৰ ! প্ৰেয়সীক লগ কৰিবলৈ গৈ অচিনাকী দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল কালিঙৰ ৷ মঙলবাৰে পুৱতি নিশা জোনাইৰ উদয়পুৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল কালিং ময়ং নামৰ ছাত্ৰজনৰ মৃতদেহ ৷ ঘৰৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি 7 নৱেম্বৰৰ বিয়লি বন্ধুৰ সৈতে ৰাস চাবলৈ বুলি ওলাই গৈছিল কালিং (Kaling murder case at Jonai)৷
কালিঙৰ ভাতৃয়ে কোৱা অনুসৰি কালিঙে ৰাস চাই ঘৰলৈ উভতি নহাত চিন্তিত হৈছিল পৰিয়ালৰ লোক ৷ কিন্তু তাৰ পিছতে এগৰাকী নিকটৱৰ্তী আশাকৰ্মীয়ে কালিঙৰ মৃতদেহ পৰি থকা অৱস্থা দেখা গৈছে বুলি ঘৰলৈ খবৰ দিয়ে ৷ লগে লগে ঘৰৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ কালিঙৰ মৃতদেহ উদ্ধাৰ কৰে (Brutally murdered a student at Jonai)৷
কালিঙৰ সৰ্বশৰীৰত দাৰ ঘাপৰ দৰে চিন পৰিলক্ষিত কৰিছিল ঘৰৰ লোকে৷ ভাতৃয়ে কোৱা অনুসৰি কালিঙৰ পিঠিৰ লগতে কঁপালত দাৰ ঘাপ দেখা গৈছিল ৷ ইফালে জানিব পৰামতে কালিঙক ৰাস চাই থকাৰ মাজতে প্ৰেমিকাই লগ কৰিবলৈ মাতি পঠিয়াইছিল ৷ তাৰ পিছতেই কালিঙক হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ ঘটনাক পৰিকল্পিত হত্যা বুলি দাবী কৰে কালিঙৰ আত্মীয়ই (Death body Rescued at jonai)৷