ধেমাজি, 4 ডিচেম্বৰ :এটা ভয়ংকৰ ঘটনাৰ পৰা শুকুৰবাৰে দৈৱক্ৰমে ৰক্ষা পৰে এগৰাকী কিশোৰী ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গুৱাহাটীৰ পৰা ধেমাজিলৈ অহাৰ পথত এগৰাকী ট্ৰাক চালকে গাড়ীখন ধেমাজিৰ আৰক্ষী থানাৰ অন্তগৰ্ত চমৰাজানৰ এখন সৰু হোটেলৰ সন্মুখত ৰখাই লম্পট যুৱকজনে চাহ বিচাৰে ৷ কিন্তু সেই মুহূৰ্তত দোকানত নাছিল কিশোৰীগৰাকীৰ বাহিৰে কোনো অভিভাৱক ৷
ধেমাজিত লম্পট যুৱকক উত্তম মধ্যম দি আৰক্ষীক গতালে ৰাইজে - চমৰাজান
কোনো নথকাৰ সুবিধা লৈ কিশোৰীগৰাকীৰ শৰীৰত হাত দিবলৈ উদ্যত হোৱাত কিশোৰীগৰাকীয়ে উপায়ন্তৰ হৈ কান্দি দিয়ে ৷ কিশোৰীগৰাকীৰ পিতৃ আহি পোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ পৰৱৰ্তি সময়ত স্থানীয় ৰাইজে লম্পট ট্ৰাক চালকক উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে ৷
ধেমাজিত লম্পট যুৱকক উত্তম মধ্যম দি আৰক্ষীক গতালে ৰাইজে
কোনো নথকাৰ সুবিধা লৈ কিশোৰীগৰাকীৰ শৰীৰত হাত দিবলৈ উদ্যত হোৱাত কিশোৰীগৰাকীয়ে উপায়ন্তৰ হৈ কান্দি দিয়ে ৷ কিশোৰীগৰাকীৰ পিতৃ আহি পোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ পৰৱৰ্তি সময়ত স্থানীয় ৰাইজে লম্পট ট্ৰাক চালকক উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে ৷
লগতে পঢ়ক: দৈ,পিঠা,টকা নিদিলে কাম নকৰে ধুবুৰীৰ মণ্ডলে !