অসম

assam

By

Published : Sep 15, 2022, 12:39 PM IST

ETV Bharat / state

জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

জোনাইৰ গালীৰ‌ ৰঙাজান দলঙৰ সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Truck accident at 515 NH in Jonai) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালক ।

jonai
jonai

জোনাই, ১৫ ছেপ্টেম্বৰ :জোনাইৰ গালীৰ ৰঙাজান দলঙৰ সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা ৯.০০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Truck accident at 515 NH in Jonai) ।

জানিব পৰামতে, AS-06-BC-6300 নম্বৰৰ ট্ৰাকখন ডিব্ৰুগড়ৰ পৰা পাচিঘাট অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গালীৰ ৰঙাজান দলঙৰ ৰেলিং ভাঙি দলঙৰ তলত পৰি যায় ।

ফলত ট্ৰাকখনৰ চালক সন্তোষ বাহাদুৰ চোনাৰ গুৰুতৰভাৱে আহত হয় ।

লগে লগে স্থানীয় ব্যক্তি ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত চালকজনক জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Jonai accident) ।

লগতে পঢ়ক :ল’ৰাৰ বয়স 19 ছোৱালীৰ 14; ঘৰে দিলে প্ৰেমত বাধা পলাই যাবলৈ বাধ্য

ABOUT THE AUTHOR

...view details