অসম

assam

Trinamool Congress protest: তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধেমাজি

By

Published : Mar 22, 2023, 8:41 PM IST

পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী (Trinamool Congress protest against tax hike) ৷ তাল বজাই উলিয়ালে প্ৰতিবাদী সমদল । বৰ্ধিত পৌৰ কৰ হ্ৰাস নকৰিলে অনিৰ্দিষ্ট কাললৈ ধেমাজি বন্ধৰ হুংকাৰ ।

Trinamool Congress protest against tax hike
ধেমাজিত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজিত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজি, ২২ মার্চ:বিজেপি চৰকাৰৰ পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে সমগ্ৰ ৰাজ্যতে তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Trinamool Congress protest in Dhemaji)। ধেমাজিতো জিলা তৃণমূল কংগ্ৰেছে পৌৰ সভাৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে প্ৰথমে ধেমাজি তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা তাল বজাই প্ৰতিবাদী সমদল উলিয়াই নগৰৰ মাজেৰে আহি ধেমাজি পৌৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন শ্লোগান দিয়ে । প্ৰতিবাদকাৰীসকলে পৌৰ কৰ হ্ৰাস কৰক, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লোগান দি পৌৰ কৰ হ্ৰাস কৰিবলৈ কৰিবলৈ দাবী জনায় (Protest in Dhemaji municipality office) ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ নেতা বাবুল সোণোৱালে ধেমাজি পৌৰ সভাক সকিয়নী দি কয় যে, নগৰখনৰ ৰাস্তা-পদুলি, নলা-নৰ্দমা আদিৰ নিৰ্মাণ কাৰ্য আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই (Protest against municipal tax in Dhemaji) ৷ তেওঁ পুনৰ কয় যে, অৰ্ধ সমাপ্ত পকী নলাত পৰি বহুলোক আঘাতপ্ৰাপ্ত হৈছে ৷ কিন্তু ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু আৰু পৌৰ সভাৰ পৌৰপতি আৰু অন্যান্য বিষয়ববীয়া, ৱাৰ্ড আয়ুক্তসকলৰ কাণসাৰ নাই ৷

সেইদৰে নগৰখনৰ আৱৰ্জনা সময়মতে নিষ্কাষণ নকৰা বাবে আৱৰ্জনাসমূহ উন্মুক্ত নলাত পৰি নলাৰ ছিদ্ৰসমূহ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ৷ পৌৰসভা এলেকাৰ উন্নয়নৰ নামত অহা পূঁজি কেৱল লুণ্ঠন কৰা বুলি অভিযোগ উত্থাপন কৰে ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ নেতা বাবুল সোণোৱালে । এই বৰ্ধিত পৌৰ কৰ হ্ৰাস নকৰিলে আগন্তুক দিনত অনিৰ্দিষ্ট কাললৈ ধেমাজি বন্ধ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে ৷

প্ৰতিবাদকাৰীসকলে কয় যে, কৰদাতা ৰাইজে জাবৰ সংগ্ৰহ আৰু পানী যোগানৰ বাবে পৌৰসভাক পৃথকে পৃথকে ধন দিব লাগে ৷ আনহাতে, নগৰবাসীক ধেমাজি পৌৰসভাই যি কৰ নিৰ্ধাৰণ কৰি দিছে তাৰ বিপৰীতে এটা বিশেষ ৰাজনৈতিক দলৰ নেতাৰ পৌৰ কৰ পূৰ্বৰ দৰেই আছে ৷ ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ৰাইজে ৷ যদিহে চৰকাৰে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি ধাৰ পৰিশোধ কৰিম বুলি ভাবিছে তেন্তে সেয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সঁকীয়াই দিছে তৃণমূল কংগ্ৰেছে (Property tax hike) ৷

লগতে পঢ়ক:HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলত জড়িত লখিমপুৰৰ দুই শিক্ষকক গ্ৰেপ্তাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details