ধেমাজি, 9মে':উত্তৰ ধেমাজি জীয়াঢলৰ সংৰক্ষিত এটা মৰুভূমি সদৃশ অঞ্চলত মৰুদ্যান সৃষ্টি হৈছে ৷ শুকান বালিত লহপহকৈ বাঢ়ি অহা গছপুলিবোৰ এতিয়া একোজোপা বৃক্ষলৈ ৰূপান্তৰিত হৈছে ৷ উল্লেখ্য যে, ধেমাজি বন বিভাগৰ অধীনত থকা জীয়াঢল সংৰক্ষিত বনাঞ্চলখনৰ বহু এলেকা অতি শুকান যাৰ বাবে গছ ৰোপণ কৰিলেও গছপুলি ডাঙৰ দীঘল হোৱাটো অত্যন্ত প্ৰত্যাহ্বানমূলক আছিল ৷
তৎসত্বেও ধেমাজি বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ে APFBC আঁচনিৰ অধীনত বিগত ২০১৬ -১৭ বৰ্ষত আৰম্ভ কৰিছিল জীয়াঢল বনাঞ্চলৰ পঞ্চাশ হেক্টৰ ভূমিত বহু মূল্যৱান গছপুলি ৰোপণ আঁচনি ৷ বৰ্তমান অঞ্চলটো বট, মান, আজাৰ, গমাৰি, খয়েৰ, শিলিখা, শিশু,উৰিয়াম আদিকে ধৰি বহু মূল্যবান সেউজীয়া গছৰে আচ্ছন্ন হৈ পৰিছে ৷ বিগত সময়বোৰত জীয়াঢল বনাঞ্চলক এচাম লোকে ধংস গৰাহলৈ ঠেলি দিছিল যদিওঁ ধেমাজি জিলা বন বিভাগটোৱে ৰূপায়ণ কৰা এই আঁচনিখনৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ একাগ্ৰতাৰ বাবেই মৰুভূমি সদৃশ অঞ্চলটোৰ এটা অংশ পুনৰ অৰণ্যলৈ ৰূপান্তৰিত হৈছে ৷