অসম

assam

ETV Bharat / state

ধেমাজিত আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ

শুকুৰবাৰে নিশা ধেমাজি আৰক্ষীৰ জালত পৰে এটা নাৰী দেহ ব্যৱসায়ী চক্ৰ ৷ নিঃসহায় কিশোৰীক সহায় কৰাৰ নামত এগৰাকী ই-ৰিস্কা চালকৰূপী মহিলাই বাধ্য কৰাইছিল দেহ ব্যৱসায়ত নামিবলৈ ৷ ধেমাজি সদৰ থানা আৰক্ষীয়ে 73/2021 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ধেমাজিৰ আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ
ধেমাজিৰ আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ

By

Published : Feb 13, 2021, 2:25 PM IST

ধেমাজি,13 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে নিশা ধেমাজি আৰক্ষীৰ জালত পৰে নাৰী দেহ ব্যৱসায়ী এটা চক্ৰ ৷ ধেমাজি শিশু কল্যাণ সমিতিৰ এজাহাৰৰ ভিত্তিতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় এই নাৰী অপৰাধজনিত চক্ৰটোক ৷ এই অপৰাধজনিত চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এগৰাকী 17 বছৰীয়া কিশোৰী ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধেমাজি শিশু কল্যাণ সমিতিৰ এজাহাৰৰ ভিত্তিত ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেণ সোণোৱালৰ নেতৃত্বত চলা এক গোপন অভিযানত জালত পৰিল এটা নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত এটা বৃহৎ চক্ৰ ৷

ধেমাজিৰ আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ

এই ঘটনাৰ মূল খলনায়িকা তথা ই-ৰিস্কা চালক মামনী বৰগোঁহাই নামৰ মহিলাগৰাকীয়ে নিৰাশ্ৰয় এগৰাকী কিশোৰীক ভাড়াঘৰত আশ্ৰয় দি পৰৱৰ্তী সময়ত বিভিন্ন জনৰ সৈতে দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰাই বুলি উদ্ধাৰ হোৱা যুৱতীগৰাকীয়ে স্বীকাৰোক্তি প্ৰদান কৰে ৷ তাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

ধেমাজিৰ আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ

ধেমাজিৰ আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, গুৱাহাটীৰ জালুবাৰীস্থিত মহিলা আশ্ৰমৰ পৰা পলাই আহি ধেমাজিত উপস্থিত হোৱা যুৱতী গৰাকীক চিলাপথাৰৰ আৰক্ষীয়ে ধেমাজি মহিলা আশ্ৰয় ’উজালা "গৃহত ৰখা ব্যৱস্থা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত পুনৰ চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈকে এই গৃহৰ পৰাও সন্ধাহীন হৈ আছিল কিশোৰী গৰাকী ৷ এই সময়চোৱাতেই ই-ৰিস্কা চালকৰূপী মহিলা গৰাকীৰ কবলত পৰে কিশোৰী গৰাকী ৷

অৱশেষত শুকুৰবাৰে ধেমাজি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই দেহ ব্যৱসায়ৰ তথা যৌন নিৰ্যাতনৰ লগত জড়িত ই-ৰিস্কা চালক মহিলা যুৱতী সহ ক্ৰমে ধন দত্ত, শুক্লা পাল, অমৰজ্যোতি শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে ধেমাজি সদৰ থানা আৰক্ষীয়ে 73/2021 নম্বৰৰ গোচৰ ৰজু কৰি IPC 371/506/raw section4 of posco ac and rw section 3/5 imorral trafficking act 1956 অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃলক্ষ্য 21 ৰ নিৰ্বাচন: শিৱসাগৰত অসম বচাওঁ আহক কাৰ্যসূচী

ABOUT THE AUTHOR

...view details