ধেমাজি,18 এপ্ৰিল: মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌ ধেমাজিতো ক্ৰমান্বয়ে ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰৰ দিনটোত ৩৩১ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল ৷
ইয়াৰে ভিতৰত ১৮ গৰাকীৰ লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷ জিলাখনত মুঠ ৭১ গৰাকীৰ আক্ৰান্তৰ ভিতৰত এগৰাকীৰ শনিবাৰে গোগামুখত মৃত্যু ঘটে ৷ এগৰাকী আক্ৰান্তক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷