লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাজিৰঙা ভ্ৰমণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণৰ উদ্দেশ্যৰে দেওবাৰে বোকাখাতত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা(Lok Sabha Speaker Om Birla to visit Kaziranga) ৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত অধ্যক্ষগৰাকীয়ে অৱতৰণ কৰাৰ পাছত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷
গোলাঘাটৰ ডাবিডুবিত নাহৰফুটুকীৰ ৰহস্যজনক মৃত্যু
গোলাঘাটৰ ডাবিডুবিত মৃত অৱস্থাত উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘ ৷ দেওবাৰে মৃত অৱস্থাত স্থানীয় লোকে অঞ্চলটোৰ এখন চাহ বাগানৰ কাষৰ পথাৰত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী ভক্ষণ কৰি ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘটো কি কাৰণত মৃত্যু হ'ল বৰ্তমানলৈ জানিব পৰা হোৱা নাই (A leopard found dead in golaghat) ।
Hollongi Airport rehabilitation scam : কেলেংকাৰীৰ প্ৰতিবেদনক আদৰণি চাকমা ছাত্ৰ সন্থাৰ
হোলোংগী বিমানবন্দৰ পুনৰ্সংস্থাপন কেলেংকাৰীক (Hollongi Airport rehabilitation scam) লৈ অৰুণাচলত তীব্ৰ উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে হোলোংগী বিমানবন্দৰ পুনৰ্সংস্থাপন কেলেংকাৰীৰ ওপৰত প্ৰস্তুত কৰা অনুসন্ধান প্ৰতিবেদন প্ৰকাশ । প্ৰতিবেদন অনুসৰি পাপুম পাৰে জিলাৰ উপায়ুক্তই চাকমা পুনঃসংস্থাপন আৰু পুনঃসংস্থাপন সমিতি অবৈধভাৱে গঠন কৰিছিল ।
জলসম্পদ বিভাগৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকা
জলসম্পদ বিভাগৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ (Water Resources Department) পৰ্যালোচনা বৈঠক । কামত দেৰি কৰা আৰু আপোচ কৰা ঠিকাদাৰক সকীয়নি মন্ত্ৰীগৰাকীৰ । প্ৰয়োজনত ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ মন্ত্ৰী হাজৰিকাৰ । বাৰিষাৰ সময়ত মথাউৰি নিৰীক্ষণৰ বাবে সাধাৰণ ৰাইজেৰে মিলি মথাউৰি ব্যৱস্থাপনা সমিতি গঠনৰ পোষকতা মন্ত্ৰী পীযুষ হাজৰিকাৰ(Assam Water Resources Minister Piyush Hazarika) ।
GMC Election 2022 : ১৫০০ৰ অধিক ভোটাৰ থকা কেন্দ্ৰৰ সালসলনি
ৰাজ্যিক নিৰ্বাচন আয়োগ(State Election Commission) ৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে (Change Of Polling stations with more than 1500 voters) । এই অনুসৰি পৌৰ নিগম এলেকাৰ ২৪ টা স্থানত একাংশ ভোটাৰৰ পূৰ্বৰ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু ঠিকনা সলনি কৰাৰ লগতে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ।