জোনাই, ২৯ জুন :জোনাইত হোম কোৱাৰেন্টাইন হৈ থকা এজনৰ দেহত পুনৰ কভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ জোনাই মহকুমাৰ লুহিজান মাজগাঁৱত হোম কোৱাৰেন্টাইনত থকা সুৰভি কোঁৱৰ নামৰ এগৰাকী যুৱতীৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ । ২৪ জুনত মুম্বাইৰ পৰা আহি হোম কোৱাৰেন্টাইন হৈ আছিল যুৱতী গৰাকী । ইতিমধ্যে, আক্ৰান্ত যুৱতী গৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখযোগ্য যে, জোনাই চৰকাৰী শিবিৰ সমূহত ২২ মে'ৰ পৰা বহি:ৰাজ্যৰ পৰা অহা মুঠ ৭৯১ লোকৰ ভিতৰত ৭৬২ গৰাকীৰ স্বাব পৰীক্ষাত কোভিড-১৯ নিগেটিভ পোৱাত নিজ নিজ ঘৰত উভতি যায় । বৰ্তমান জোনাইৰ চৰকাৰী শিবিৰত ২৯ জন লোক আছে বুলি জানিবলৈ দিয়ে মহকুমা স্বাস্থ্য বিষয়া ডা˚ কিশোৰ কামানে ।