ধেমাজি, ৩ জুলাই : সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । শুকুৰবাৰে ধেমাজিত পুনৰ ৫ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে ২ জন ৰোগী ধেমাজি সদৰস্থিত বিশাল মেগা মাৰ্কেটৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷
ধেমাজিত পুনৰ ৫ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত - Bishal mega market
শুকুৰবাৰে ধেমাজিত পুনৰ ৫ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে ২ জন ৰোগী ধেমাজি সদৰস্থিত বিশাল মেগা মাৰ্কেটৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে বিশাল মেগা মাৰ্কেটলৈ যোৱা গ্ৰাহক সকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে ।
![ধেমাজিত পুনৰ ৫ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত Today again new 5 corona patient found in dhemaji](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:54:11:1593782651-as-dmj-04-new-covidcase-increase-3july-photu-as10021-03072020182916-0307f-1593781156-580.jpg)
Today again new 5 corona patient found in dhemaji
জানিব পৰা মতে, বৰ্তমানলৈ বিশাল মেগা মাৰ্কেটৰ ৪ গৰাকী কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । যাৰ বাবে বিশাল মেগা মাৰ্কেটলৈ যোৱা গ্ৰাহক সকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : নতুন ভূমি নীতি : সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ডিফুত আছুৰ প্ৰতিবাদ