জোনাই, 30 জুলাই :ৰাজ্যৰ অন্য জিলাৰ লগতে ধেমাজি জিলাতো কৰ'ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে প্ৰশাসনৰ তৰফৰ পৰা ৰেপিড এন্টিজেন টেষ্টৰ ব্যবস্থা কৰিছে ৷
বৃহস্পতিবাৰে জোনাই বজাৰৰ মাজমজিয়াৰ দুৰ্গা মন্দিৰত স্থাপন কৰা শিবিৰত 6 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ ক'ভিড আক্ৰান্ত লোক কেইজন জোনাই বজাৰৰ মহন্ত নমসুদ্ৰ,সুভাষ দাস,প্ৰেমধৰ কুটুম,ফুলমনি কুটুম,দুলুমনি কুটুম আৰু আগাম দলুঙৰ হিলাৰি পেগু বুলি জানিব পৰা গৈছে ৷ ইয়াৰে মহন্ত নমসুদ্ৰ নামৰ যুৱকজন জোনাইৰ এখন ফাৰ্মাচীত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত আটাইকে প্ৰশাসনে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷