অসম

assam

ETV Bharat / state

ৰামসিং চাপৰিৰ ঘটনাৰ লগত জৰিত নহয় টি এম পি কে !! - TMPK PRESSMEET

বিগত 19 অক্টোবৰত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তত বহ্মপুত্ৰ নদীৰ বুকুৰ চৰ ৰামসিং চাপৰিত নিৰীহ গোৱালসকলৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক সংবাদমেলযোগে গৰিহণা দিয়ে জোনাই টি এম পি কেৰ তেতৃত্বই ৷ লগতে উক্ত ঘটনাত টি এম পি কে জড়িত নথকাৰ কথা স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

ৰামসিং চাপৰিৰ ঘটনা সন্দৰ্ভত সংবাদমেল টি এম পি কেৰ

By

Published : Oct 22, 2019, 8:56 AM IST

Updated : Oct 22, 2019, 12:04 PM IST

জোনাই, 22 অক্টোবৰঃবিগত 19 অক্টোবৰত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তত বহ্মপুত্ৰ নদীৰ বুকুৰ চৰ ৰামসিং চাপৰিত নিৰীহ গোৱালসকলৰ ওপৰত যি নৃশংস আক্ৰমণ সংঘটিত হৈছিল সেই ঘটনাত টি এম পি কেৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ভূক্তভোগী পৰিয়াল কেইটাই ৷ কিন্তু উক্ত বৰ্বৰ কাণ্ডক জোনাই জিলা টি এম পি কেৰ নেতৃত্বই দুখ প্ৰকাশ কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷

টি এম পি কেৰ সংবাদমেল

ঘটনা সন্দৰ্ভত সোমবাৰে জোনাই জিলা টি এম পি কে আৰু এম এম কেই জোনাই বালিকা মহাবিদ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে | উক্ত সংবাদমেলত জিলা টি এম পি কেৰ সভাপতি কলীয়া পেগু, সম্পাদক পংকিল পাতিৰ, বিনেশ পাতিৰ, মিগম দলে, এম এম কেৰ সভাপতি মুক্তি পেগু, সম্পাদক দীন পেগু, ৰত্নেশ্বৰ কার্দং, সঞ্জয় কুম্বাং, ইন্দ্ৰ মিৰি আদিয়ে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷ লগতে এই ঘটনাৰ লগত টি এম পি কে জড়িত থকাৰ অপপ্ৰচাৰ হোৱা বুলিও অভিযোগ কৰে সভাপতিগৰাকীয়ে ৷ এই জঘন্য কাণ্ডত জড়িত থকা সকলক কৰায়ত্ব কৰিবলৈ জোনাই জিলা টিএমপিকে তৰফৰ পৰা প্ৰশাসনক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব স্পষ্ট কৰি দিয়ে সংগঠনকেইটাৰ নেতৃত্বই ৷

এই ঘটনাত টি এম পি কেক সাঙুৰি লোৱাটো তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰি মিচিং সংগঠনটোৱে দোষীক উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনোৱাৰ লগতে দুয়ো পক্ষক সংযম ৰক্ষা কৰি ভাতৃত্ববোধ ৰক্ষা কৰি চলিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, 19 অক্টোবৰৰ ঘটনাত এজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছিল ৷

Last Updated : Oct 22, 2019, 12:04 PM IST

ABOUT THE AUTHOR

...view details