জোনাই, 20 অক্টোবৰ :ধেমাজি জিলাৰজোনাইত অনুষ্ঠিত হ’বমিচিং অলিম্পিক খেল ৷ স্থানীয় প্ৰতিভাবোৰক এখন উপযুক্ত মঞ্চ প্ৰদানৰ বাবেই স্থানীয় উদ্যোগত গ্ৰহণ কৰা হৈছে এই পদক্ষেপৰ ৷ এই সন্দৰ্ভত বুধবাৰে জোনাই সদৰৰ ঙাচাৰ চুঃকঃ অকুমত TMPK জোনাই জিলা সমিতিয়ে অনুষ্ঠিত কৰে এক সংবাদমেলৰ ৷
TMPK ৰ উদ্যোগত 25, 26 আৰু 27 অক্টোবৰত জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয় আৰু পবা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মিচিং অলিম্পিকৰ বাবে ইতিমধ্যে মিচিং অধ্যুষিত অঞ্চলসমূহত আঞ্চলিক ভিত্তিত বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ এই কথা সদৰী কৰিছে আয়োজকসকলে ৷
শিক্ষাৰ লগতে ক্ৰীড়াৰ জৰিয়তে এখন সুন্দৰ প্ৰগতিশীল সমাজ গঢ়াৰ লক্ষ্য আৰু উদ্দেশ্যৰে TMPK ৰ উদ্যোগত আয়োজন কৰা হৈছে মিচিং অলিম্পিক ৷ মিচিং অধ্যুষিত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত থকা ক্ৰীড়াৰ সুপ্ত প্রতিভাবোৰ উলিয়াই অনাৰ উদ্দেশ্যেৰে TMPK ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মিচিং অলিম্পিক খেল ৷