জোনাই, 6 ফ্ৰেব্ৰুৱাৰী:গোগামুখত ম্লান পৰিল উৎসৱমুখৰ পৰিৱেশ ৷ যোৱা 2 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে ধেমাজিৰ জিলাৰ নাহৰবাৰী চুমনি পথাৰত অনুষ্ঠিত কৰা টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ (TMPK Golden Jubilee Celebration) আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ (8th Mising Youth Festival ) সামৰণি পৰে ৷ অন্তিম দিনটোত লক্ষাধিক জনতাৰে লোকাৰণ্য হৈ পৰে অষ্টম মিচিং যুৱ মহোৎসৱৰ থলী ৷ গোগামুখ নাহৰণিৰ প্ৰায় ২০০ বিঘা ভূমি সামৰি লৈ অনুষ্ঠিত কৰা এই বিশাল ক্ষেত্ৰখনত মিচিং জনগোষ্ঠীৰ লোকনৃত্যৰ তালে তালে মুখৰিত হৈ পৰে ৷
এই মহোৎসৱত শদিয়াৰ পৰা ভৰলীলৈকে প্ৰায় বিশ হাজাৰ প্ৰতিনিধিৰ উপস্থিত থাকে ৷ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ আৰু যুৱ মহোৎসৱ সামৰণি অনুষ্ঠানত প্ৰখ্যাত লাডাখৰ বিজ্ঞানী সোনম ৱাংচুক (Sonam Wangchuk in Assam) উপস্থিত থাকে ৷ ৱাংচুকক মিচিং লোকসকলৰ জনগোষ্ঠীয় বস্ত্ৰৰে সন্মান জনোৱা হয় ৷ মিচিংসকলৰ কৃষ্টি সংস্কৃতি দেখি অভিভুত হৈ ৱাংচুকে কয় যে, লাডাখৰ লগতে উত্তৰ-পূৱৰ জনজাতি সকলে নিজস্বতাৰ মাজেৰে জীয়াই আছে ৷ আমাৰ প্ৰচেষ্টাত শিক্ষা ব্যৱস্থাত এক পৰিবৰ্তন হ’ব পাৰে ৷
বিশ্বমুখী পশ্চিমীয়া সভ্যতাৰ বিপৰীতে ভাৰতবৰ্ষই নিজস্ব চিন্তা-চেতনাৰে আগুৱাই গ’লে এদিন ভাৰতবৰ্ষ বিশ্ব গুৰু হ’বই ৷ শিক্ষা কেৱল মগজু নহয়, অথবা শিক্ষা মানে চাকৰি নহয় ৷ প্ৰাকৃতিক বা হাতৰ বিদ্যাহে প্ৰকৃত শিক্ষা ৷ শিক্ষা আহৰণ কেৱল বৃত্তিমুখী নহৈ প্ৰকৃতি আৰু মানৱতাৰ দিশটো প্ৰতি অধিক গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন ৷ প্ৰকৃতি সংৰক্ষণ শিক্ষা লাভ নকৰিলে মানৱ সভ্যতাৰ ধ্বংসৰ পথত । এই ক্ষেত্ৰত শিক্ষা আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত পাহাৰীয়া জনজাতিৰ লোকসকলৰ পৰা যথেষ্ট শিকিব লগীয়া আছে ৷ আমি তেনে শিক্ষা নীতি সমৰ্থন কৰো, য'ত বিজ্ঞানৰ লগতে কাৰিকৰী শিক্ষাৰো সমল পোৱা যায় ৷ দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰিব পৰা শিক্ষাও সম্প্ৰতি অতিকৈ দৰকাৰ ৷
এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education Minister Ranoj Pegu) ৷ মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, ‘‘জাতিটোলৈ টি এম পি কেৰ অৱদানক ধন্যবাদ জনাইছো ৷ লগতে মিচিং যুৱ মহোৎসৱে জাতিটোৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰাৰ সমান্তৰালভাৱে বিশ্ব দৰবাৰলৈ আগুৱাই নিবলৈ সক্ষম হ’ব’’ ৷
ইয়োৰোপৰি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচীত উপস্থিত থাকি কয়, ‘‘ৰাজ্যৰ ভূমিপুত্ৰ মিচিংসকলৰ ছাত্ৰসকলৰ সৰ্বাংগীণ বিকাশ, ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সমৃদ্ধিত বিশেষ অৱদান আগবঢ়োৱা এই অনুষ্ঠানটোৰ কাৰ্যসূচীত অংশ লৈ গৌৰৱবোধ কৰিছোঁ ৷ লগতে এখন সুস্থ-সবল অসম নিৰ্মাণৰ বাবে টাকাম মিচিং পৰিণ কৌবাঙৰ যাত্ৰা সফল হোৱাৰ শুভকামনা জনাইছোঁ’’ ৷