জোনাই, 5 ফেব্ৰুৱাৰী :মিচিং জনজাতি সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন টি এম পি কেয়ে আয়োজন কৰিছে সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ (TMPK golden jubilee 2023) ৷ ধেমাজি জিলাৰ গোগামুখৰ নাহৰবাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ সংগঠনটোৱে আয়োজন কৰিছে এই মহোৎসৱৰ ৷ লোক-সংস্কৃতিৰ সৈতে জড়িত থকা বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰা হয় মহোৎসৱস্থলীত ৷ বাঁহ-বেতেৰে নিৰ্মিত মিচিং মৃৰং ঘৰ, আদী চাংঘৰ, গাল’ চাংঘৰ, মিচিং চাংঘৰ আদিৰ লগতে আকৰ্ষণীয় শৈলীৰে সজায় তোলা হৈছে মূল আদৰণি তোৰণ, পতাকা উত্তোলনস্থলী ৷ ইয়াৰোপৰি, সময়ৰ সৈতে ৰজিতা খুৱায় আয়োজক মণ্ডলীয়ে নিৰ্মাণ কৰি তুলিছে এক চেলফি জ’ন ৷ যিটো স্থান হাজাৰ হাজাৰ লোকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা পৰিলক্ষিত হৈছে (TMPK Golden Jubilee in Dhemaji) ৷
অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজক মণ্ডলীয়ে গ্ৰন্থমেলা, বস্ত্ৰমেলা, খাদ্যমেলা, কৃষিমেলা আদিৰো আয়োজন কৰিছে ৷ প্ৰথম দুটা দিনত বিপণিসমূহত বিশেষ জনসমাগম প্ৰত্যক্ষ কৰিবলৈ পোৱা হোৱা নাছিল যদিও তৃতীয় দিনটোত অৰ্থাৎ শনিবাৰৰ দিনা বিপণিবোৰত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় ৷ যাৰ ফলত ব্যাপক যান-জঁটে দেখা দিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, গোগামুখ-ঢকুৱাখানা পথ, গোগামুখ-জেংৰাইমুখ পথৰ লগতে ইয়াৰ সংযোগী পথসমূহত ৷ টি এম পি কেৰ স্বেচ্ছাসেৱকসকলে যান-জঁট নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছিল যদিও অভূতপূৰ্বভাৱে জনসমাগম হোৱাৰ ফলত যান-জঁটৰ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা নগ’ল (TMPK Golden Jubilee) ৷
মহোৎসৱ তথা সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি উদ্যোক্তাসকলে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে ৷ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে অষ্টম মিচিং যুৱ মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰো আয়োজন কৰে উদ্যোক্তাসকলে ৷ যিয়ে নষ্টালজিক কৰি তোলা দেখিবলৈ পোৱা গ’ল প্ৰতিগৰাকী লোককে (8th Mising Youth Festival) ৷