ধেমাজি, 25 মাৰ্চ:ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত শনিবাৰে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ ৰিপুন বৰাই কয়, ‘‘ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে চৰম স্বৈৰাচাৰিতা নিদৰ্শন দাঙি ধৰিছে ৷ নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব পৰা মানুহক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ৷ বিজেপিত ইমান দুৰ্নীতিপৰায়ণ নেতা আছে যদিও তেওঁলোকৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নাই (Rahul Gandhi disqualified from parliament) ৷’’
বিৰোধীৰ ওপৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰি নিষ্ক্ৰিয় কৰিব বিচাৰিছে বুলিও মন্তব্য ৰিপুন বৰাৰ ৷ তদনীন্তন জনতা পাৰ্টী চৰকাৰে ইন্দিৰা গান্ধীৰো সাংসদ পদ খাৰিজ কৰিছিল বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে নৰেন্দ্ৰ মোডীয়ে ভুল কৰিছে, তেওঁ ইতিহাস পঢ়ক (Ripun Bora reacts on Rahul Gandhi case) ৷
তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়েও এই কাৰ্যক ধিক্কাৰ দিছে বুলি সদৰী কৰে ৰিপুন বৰাই (Rahul Gandhi defamation case) ৷ এয়া নৰেন্দ্ৰ মোডীৰ বাবে কাল হ’ব আৰু বিৰোধী একত্ৰিত হৈ অধিক শক্তিশালী হ’ব বুলি দাবী কৰে ৰিপুন বৰাই ৷ 2024 চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডী ভাৰতৰ পৰা উৎখাত হ’ব বুলিও দাবী কৰে ৰিপুন বৰাই ৷