ধেমাজি, 21 এপ্ৰিল :সাত বিহুৰ সামৰণি পৰাৰ লগে লগে আৰম্ভ হৈছে অসমৰ ভূমি পুত্ৰসকলৰ ব’হাগ বিহু ৷ স্বকীয় ৰীতি-নীতিৰে অসমৰ অন্যান্য ভূমিপুত্ৰসকলৰ দৰে তিৱাসকলেও বুধবাৰৰ পৰা আৰম্ভ কৰিছে ব'হাগ বিহু (Tiwa Bihu celebrations in Dhemaji) ৷
সদৌ ধেমাজি জিলা তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৰ আঞ্চলিক সমিতিৰ সহযোগত ধেমাজিৰ সদৰস্থিত নলনিপাম ভৰালীচুকৰ বিহু বাকৰিত তিৱাসকলে পালন কৰিছে জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ (Tiwa Bihu Dance) ৷ জাত জাত বিহু নাম, ঢোল, পেঁপা, গগণাৰ সুৰেৰে চৌদিশ মুখৰিত কৰি তোলে তেওঁলোকে ৷