অসম

assam

ETV Bharat / state

লক ডাউনৰ সুযোগ লৈ জোনাইত চোৰাং কাঠৰ বেহা - Timber smuggling on rise at Jonai

লক ডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ধেমাজি জিলাৰ জোনাইত একাংশ চোৰাং কাঠৰ বেপাৰীৰ ৰমৰমীয়া বেহা ৷ বেৰাচাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ৷

Timber smuggling on rise at Jonai due to lockdown period
লক ডাউনৰ সুযোগত জোনাইত একাংশ চোৰাং কাঠৰ বেপাৰীৰ ৰমৰমীয়া বেহা

By

Published : Apr 15, 2020, 2:55 PM IST

Updated : Apr 15, 2020, 3:52 PM IST

জোনাই,15 এপ্ৰিল: মাৰাত্মক ক'ৰণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ধেমাজি জিলাৰ জোনাইত একাংশ চোৰাং কাঠৰ বেপাৰীৰ ৰমৰমীয়া বেহা ৷ এই সুযোগ গ্ৰহণ কৰি একাংশ চোৰাং কাঠ বেপাৰীয়ে ব্ৰহ্মপুত্ৰৰ জলপথেৰে অব্যাহত ৰাখিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ বিগত দেওবাৰে জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বীট অফিচৰ সমীপৰ বেৰাচাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ৷ বন মাফিয়াই চালি বনাই চোৰাংকৈ সৰবৰাহৰ ব্যৱস্থা কৰিছিল উক্ত কাঠৰ কুণ্ডা সমুহ ৷ ইয়াৰ পাছতো চোৰাং বন মাফিয়াৰ দলটোৱে বেৰাচাপৰিৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰৰ জলপথেৰে মূল্যবান গছৰ কুণ্ডা সমূহ ডিব্ৰুগড় লৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে ৷

লক ডাউনৰ সুযোগত জোনাইত একাংশ চোৰাং কাঠৰ বেপাৰীৰ ৰমৰমীয়া বেহা

উল্লেখ্য যে চোৰাং কাঠৰ ব্যৱসায়ীৰ দলটোৱে মূল্যবান কাঠ সমূহ অৰুণাচলৰ পৰা অনা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যদিও বেৰাচাপৰিৰ কাষতে লাগি থকা জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ পৰাহে মূল্যবান গছ সমূহ কাটি এনেদৰে চলি সাজি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ অৱশ্যে সাংবাদিকৰ দলটোৱে লগে লগে বন বিভাগক ঘটনা সন্দৰ্ভত খবৰ দিয়াত বন বিভাগে কুণ্ডা সমূহ জব্দ কৰে যদিও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই এজনো চোৰাং কাঠ বেপাৰীক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও লক ডাউনৰ সময়চোৱাত এচাম দুষ্কৃতিকাৰীয়ে জোনাইৰ পবা বনাঞ্চলৰ পবামুখত বন ধ্বংস কাৰ্য নিৰ্বিঘ্নে চলাই গৈছে ৷ দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ শলখ,গমাৰীআদি মূল্যবান গছ কাটি চোৰাং কাঠৰ বেহা অব্যাহত ৰখাৰ খবৰে সচেতন ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে জোনাইৰ ৰক্ষা কৱচ স্বৰূপ পবা বনাঞ্চল ধ্বংস কাৰ্যৰোধৰ বাবে বন বিভাগৰ নিৰ্লিপ্ততাকো ৰাইজে আঙুলি টোৱাইছে ৷

লগতে পঢ়কঃ মানকাচৰত ধন বিতৰণত দুৰ্নীতিৰ অভিযোগ

Last Updated : Apr 15, 2020, 3:52 PM IST

ABOUT THE AUTHOR

...view details