অসম

assam

ETV Bharat / state

Timber Smuggling: কুম্ভকৰ্ণৰ নিদ্ৰাত জোনাই বন বিভাগ; বেৰা চাপৰিত বনদস্যুৰ ৰাজত্ব - জোনাইৰ বেৰা চাপৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা

জোনাইৰ বেৰা চাপৰিত বনদস্যুৱে চলাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ চিয়াং-লালী নদীৰ পাৰত বৃহৎ বৃহৎ কুণ্ডা সংগ্ৰহ চোৰাং কাঠ ব্যৱসায়ীৰ ৷

Timber Smuggling
কুম্ভকৰ্ণৰ নিদ্ৰাত জোনাই বন বিভাগ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:38 PM IST

কুম্ভকৰ্ণৰ নিদ্ৰাত জোনাই বন বিভাগ

জোনাই, 5 আগষ্ট :জোনাইত অব্যাহত আছে বন মাফিয়াৰ দপদপনি । জোনাই আৰক্ষী থানাৰ অন্তৰ্গত নৈপৰীয়া বেৰা চাপৰিত বাৰিষাৰ সুযোগ লৈ অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছে দুজনকৈ লোকে ৷ চিয়াং-লালী নদীত উটি অহা কাঠৰ নামত দুই কাঠ ব্যৱসায়ীয়ে চলাইছ গৈছে অবৈধ কাঠৰ বেহা ৷

বন বিভাগৰ কোনো অনুমতি নোহোৱাকৈ পবা বনাঞ্চল তিনিমাইল বিটৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা নামনিৰ বেৰা চাপৰিৰ চিয়াং-লালী নদীৰ পাৰত বৃহৎ বৃহৎ কুণ্ডা সংগ্ৰহ কৰিছে দুই ব্যক্তিয়ে ৷

অভিযোগ অনুসৰি জোনাই বনবিভাগৰ লগত গোপন বুজাবুজিৰে ৰমেন দাস আৰু প্ৰদীপ পাৱ নামৰ দুজন লোকে দীৰ্ঘদিনৰ পৰা চলাই গৈছে অবৈধ কাঠৰ কুণ্ডা ব্যৱসায় ৷

উল্লেখ্য যে বছৰ বছৰ ধৰি কাঠ মাফিয়া চক্ৰই ধেমাজি জিলাৰ একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চলৰ লগতে প্ৰস্তাৱিত কবু চাপৰিৰ পৰা চোৰাংকৈ বহু মূল্যৱান গছ কাটি তহিলং কৰিছে ৷ অভিযোগ অনুসৰি একাংশ নাৱৰীয়াৰ সহযোগত ভূঁৰ সাজি চিয়াং-লালী নদীৰ বুকুৱেদি সৰবৰাহ কৰি বেৰা চাপৰিতে মেচিনেৰে ফালি অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে চোৰাং কাঠসমূহ ।

কাঠ মাফিয়া চক্ৰটোৰ বিৰুদ্ধে বিভিন্ন সময়ত স্থানীয় দল-সংগঠনে বন বিভাগক অভিযোগ দি আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । যাৰ ফলত মুকলিকৈ চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ।

উল্লেখ্য যে ছিণ্ডিকেট মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন সময়ত কেতবোৰ পদেক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে জোনাই বেৰা চাপৰিত বন মাফিয়া চক্ৰই অব্যাহত ৰখা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ চকু মুদা কুলিৰ ভাৱত বন বিভাগ ।

প্ৰাকৃতিক সম্পদ ধ্বংস কৰি চোৰাংকৈ জোনাইত অব্যাহত থকা কাঠৰ কুণ্ডা ব্যৱসায়ীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:Congress Meet in Dhemaji: ৰাণাৰ ৰণডংকা, ‘‘বাগানৰ পৰা বিজেপিৰ শিপা উঘালি অসমত শান্তি প্ৰতিষ্ঠাৰ কৰিম’’

ABOUT THE AUTHOR

...view details