অসম

assam

জোনাইত তিহাৰ মহোৎসৱ আৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:25 AM IST

জোনাইৰ লক্ষী নেপালী বস্তিত শনিবাৰৰে পৰা আৰম্ভ হয় তিহাৰ মহোৎসৱ । গোৰ্খা মহিলা সংঘ আৰু প্ৰগতিশীল গোৰ্খা যুৱক সংঘৰ উদ্যোগত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই তিহাৰ মহোৎসৱ(Tihar festival of Gorkha community) ।

Tihar Mahotsav begins in Jonai
জোনাইত তিহাৰ মহোৎসৱ আৰম্ভ

জোনাইত তিহাৰ মহোৎসৱ আৰম্ভ

জোনাই,১৭ ডিচেম্বৰ: জোনাইৰ লক্ষী নেপালী বস্তিত গোৰ্খা মহিলা সংঘ আৰু প্ৰগতিশীল গোৰ্খা যুৱক সংঘৰ উদ্যোগত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত শনিবাৰৰে পৰা আৰম্ভ হয় তিহাৰ মহোৎসৱৰ আৰম্ভ হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচীৰ পাছত দেওবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮:১৫ বজাত গছপুলি ৰোপণ, পুৱা ৯:০৫ বজাত যোগ প্ৰদৰ্শন কৰা হ'ব ।

ইয়াৰ পাছতে দিনৰ ১:০০ বজাৰ পৰা পদুম ৰায়ৰ সভাপতিত্বত আৰম্ভ হ'ব লগা মুকলি সভাখন উদ্বোধন কৰিব জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ উপাধ্যক্ষ যুদ্ধবীৰ প্ৰধানে । মুকলি সভাত মুখ্য অতিথি হিচাপে স্থানীয় সাংসদ, বিশিষ্ট অতিথি হিচাপে জোনাইৰ বিধায়ক, নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক বিনোদ খনাল, কৃষি আৰু খাদ্য সংসাধন বিভাগৰ বিষয়া অৰুণ কুমাৰ ৰাণা উপস্থিত থাকিব ।

বিশিষ্ট অতিথি হিচাপে গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য পাৰ্থ ছেত্ৰী,ৰাজু তামাং, এমএচিৰ ইএম ৰাজু মেদক, নৰেশ কুম্বাং, ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈ, জোনাই ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । সন্ধিয়া ৬:১৫ বজাত সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব ৰবীণ উপাধ্যায়ে ।

উদ্যোক্তাসকলে জনোৱা অনুসৰি শনিবাৰে অৰ্থাৎ প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা ৭:০০ বজাত সামুহিক চাফাই অভিযান চলোৱা হয় । পুৱা ৭:৪৫ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পদুম ৰায়ে । পুৱা ৮:০ বজাত শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক চন্দ্ৰকান্ত শৰ্মাই । পুৱা ৯:৬ বজাত অখণ্ড বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধন কৰে কিশোৰ কৈৰালাই । পুৱা ১০:৫ বজাত প্ৰগতিশীল গোৰ্খা যুৱক সংঘৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয় । পুৱা ১১:৬ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ উদ্বোধন কৰে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদিকা ললীতা ৰাণাই ।

লগতে পঢ়ক:নামতহে আদৰ্শ গাঁও, আদৰ্শৰ কিন্তু চিন-চাব নাই

ABOUT THE AUTHOR

...view details