ধেমাজি, 29 ছেপ্টেম্বৰ :প্ৰথমবাৰৰ বাবে ধেমাজিত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ ইতিমধ্যে বৈঠকলৈ প্ৰস্তুতি প্ৰায়ে সম্পূৰ্ণ কৰিছে ধেমাজিৰ জিলা প্ৰশাসনে ৷ ধেমাজি নগৰৰ মূলপথ সমূহত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ধেমাজি জিলা আৰক্ষীয়ে ৷
ধেমাজি তিনি আলি পৰা চাৰিআলিলৈকে মূলপথেৰে যানবাহন চলাচলত বাধা প্ৰদান কৰা লগতে ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু আবৰ্ত ভৱনত আৰক্ষীয়ে নিছিদ্ৰ পহৰা ব্যৱস্থা কৰিছে ৷ সুন্দৰকৈ সজাই তোলা হৈছে সদৰৰ আবৰ্ত ভৱনটো ৷
লগতে পঢ়ক:কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী