ধেমাজি, ১ জানুৱাৰী: দীৰ্ঘ বিৰতিৰ অন্তত আজি বিদ্যালয়ৰ খোলাৰ প্ৰথম দিনটোত ধেমাজিৰ ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে টাই আৰু বেল্ট বিতৰণ কৰা হয় । কণ কণ ছাত্ৰ-ছাত্ৰীসকলক টাই আৰু বেল্ট বিতৰণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ট্ৰাষ্ট 'বীণা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টে' ।
ধেমাজিত বীণা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত টাই আৰু বেল্ট বিতৰণ - বীনা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্ট
শুক্ৰবাৰে ধেমাজিৰ ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত টাই আৰু বেল্ট বিতৰণ কৰে বীণা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টে । বিদ্যালয়খনৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত টাই আৰু বেল্ট বিতৰণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বীণা সন্দিকৈৰ ট্ৰাষ্টে ।
![ধেমাজিত বীণা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত টাই আৰু বেল্ট বিতৰণ ধেমাজিত বীণা সন্দিকৈ ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত টাই আৰু বেল্ট বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10084718-907-10084718-1609507583198.jpg)
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোচনা সভাও অনুষ্ঠিত হয় ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সোণাৰাম নাথে সভাপতিত্ব কৰা সভাত ধেমাজি জিলা শিক্ষা আঁচনি বিষয়া অৱনী নাথ, চি আৰ চি চি কনক গগৈসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু অভিভাৱকসকল উপস্থিত থাকে ৷ বিদ্যালয়খনৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত একোডাল টাই আৰু বেল্ট বিতৰণ কৰি উৎসাহিত কৰা হয় ৷
বিদ্যালয়লৈ অহাৰ দিনাই নতুন টাই আৰু বেল্ট লাভ কৰি আনন্দিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল । উল্লেখ্য যে, ২০১৯ বৰ্ষৰ জানুৱাৰীত গঠিত এই ট্ৰাষ্টে এই জিলাখনৰ অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰী আৰু দৰিদ্ৰ লোকক বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে বুলি মন্তব্য কৰে বীণা সন্দিকৈয়ে ৷
লগতে পঢ়ক:বিটিআৰৰ স্বাস্থ্য বিভাগৰ দায়িত্ব অৰূপ কুমাৰ দেক