অসম

assam

ETV Bharat / state

Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি তিনিগৰাকী মহিলাৰ - খেতি কৰি চৰ্চালৈ আহিছে তিনি গৰাকী মহিলা

বৰ্তমান সময়ত বিভিন্ন সা-সুবিধাৰে সৈতে প্ৰত্যেক গৰাকী মহিলাই অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰিব পাৰে ৷ কেৱল পুৰুষলৈ বাট নেচায় মহিলাই নিজেই দিব পাৰে পৰিয়াল পোহপাল ৷ ধেমাজিত এতিয়া খেতি কৰি চৰ্চালৈ আহিছে তিনি গৰাকী মহিলা ৷

Three women from dhemaji making themselves economically independent through farming
মহিলা খেতিয়ক

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:12 PM IST

মহিলা খেতিয়ক

ধেমাজি, 14 ছেপ্টেম্বৰ :আজিকালিৰ দিনত পুৰুষ-মহিলাই উভয়েই প্ৰতিটো ক্ষেত্ৰতে সমানে আগবাঢ়ি গৈছে ৷ পূৰ্বৰ নিচিনাকৈ কেৱল পুৰষসকলৰ আশাত এতিয়া মহিলাসকল ঘৰতে বহি নাথাকে ৷ ঘৰতে থাকিলেও কিন্তু বিভিন্ন উপায়েৰে আৰ্থিকভাৱে নিজকে আগবঢ়াই লৈ গৈছে 21 শতিকাৰ মহিলাই ৷

সাধাৰণতে মহিলাসকলে তাঁত শালত বোৱা-কটা, চিলাই, বিউটি পাৰ্লাৰ আদিৰে নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ় দিয়া দেখা যায় ৷ খেতিৰ ক্ষেত্ৰত সাধাৰণতে পুৰুষসকলকহে আগভাগ লোৱা দেখা যায় ৷ কিন্তু এইবাৰ ধেমাজিৰ তিনিগৰাকী মহিলাই খেতিয়কৰ ৰূপত দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

পুৰুষৰ সমানেই খোজ মিলাই পাচলি খেতিত মনোনিৱেশ কৰিছে ধেমাজি জিলা মাছখোৱা দলগুৰিৰ তিনিগৰাকী মহিলাই ৷ সম্প্ৰতি বজাৰত পাচলিৰ জুই ছাই মূল্যবৃদ্ধিৰ সময়ত এই কেইগৰাকী মহিলাৰ প্ৰচেষ্টাই সকলোৰে দৃষ্টি কাঢ়িছে ৷ স্থানীয় এগৰাকী লোকৰ পৰি থকা মাটিত বতৰৰ বিভিন্ন পাচলি খেতি কৰি লাভান্বিত হৈছে জোনমনি কোঁৱৰ, গীতিমণি শইকীয়া আৰু ৰেণু কোঁচ ৷

ইতিমধ্যে স্থানীয় বজাৰলৈ উলিয়াই দিছে জিকা, তিতা কেৰেলা, জাতি লাউ আদি বিভিন্ন পাচলি ৷ খেতিত ধৰিছে যদিও পোক-পতংগৰ সমস্যাতো ভূগিছে তেওঁলোক ৷ ইপিনে পাচলি নষ্ট কৰিবলৈ অহা কপিকুলক খেদিবলৈ দুপৰীয়া হাতত কেটেপা লৈ শাকপাচলিৰ বাৰীত ব্যস্ত থাকে বুলি জানিবলৈ দিছে তেওঁলোকে ৷ খেতিত অৱশ্যে তেওঁলোকক তেওঁলোকৰ স্বামীসকলেও সহায় কৰিছে বুলি মত প্ৰকাশ কৰে তেওঁলোকে ৷

বতৰৰ পাচলিসমূহ ক্ৰমাৎ শেষ হৈ অহাত এইবাৰ লাই মূলা আদি ৰবি শস্যৰ খেতি কৰিবৰ বাবে বাৰীখন ইতিমধ্যে সাজু কৰি তুলিছে ৷ যি সময়ত একাংশ মহিলাই বিভিন্ন বেংকৰ ঋণ গ্ৰহণ কৰি হাহাকাৰ কৰিবলগীয়া হৈছে, চৰকাৰী উদগনিমূলক ঋণ সকাহ আঁচনিয়ে যিসকলক ঢুকি পোৱা নাই, সহজ ধন আৰু চৰকাৰী আচঁনিৰ পিচত যিসকল দৌৰি ফুৰিছে তেনে সময়তে চৰকাৰৰ সাহায্য অবিহনেই পাচলি খেতিৰ দৃষ্টান্ত দাঙি ধৰিছে মাছখোৱাৰ এই তিনিগৰাকী মহিলাই ৷

লগতে পঢ়ক :Bhut jolokia cultivation: ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ পথত ডেউকা মেলিছে ধেমাজিৰ বহু যুৱকে

ABOUT THE AUTHOR

...view details