অসম

assam

ETV Bharat / state

জোনাইত বানৰ পিচতে এনকেফেলাইটিছৰ সন্ত্ৰাস - জাপানীজ

জোনাইত বানৰ সমান্তৰাল কৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ সন্ত্ৰাস। এই পৰ্যন্ত 13 আক্ৰান্ত হৈছে আৰু ৩ জনৰ মৃত্যু ।

জোনাইত বানৰ লগতে এনকেফেলাইটিছৰ সন্ত্ৰাস

By

Published : Jul 30, 2019, 10:26 PM IST

Updated : Jul 30, 2019, 10:57 PM IST

জোনাই, 30 জুলাই : ৰাজ্যত বানৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগে একেলগে সৃষ্টি কৰিছে আতংকৰ ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ধেমাজীৰ জোনাই মহকুমাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ প্ৰাৰ্দুভাৱে সন্ত্ৰাস সৃষ্টি কৰিছে | মহকুমাটোত এই ৰোগত আক্ৰান্ত ১৩ গৰাকী লোক চিনাক্ত হৈছে আৰু ইতিমধ্যে মৃত্যু মুখত পৰিছে তিনিজন ৰোগী ৷ মৃত্যু হোৱা তিনি গৰাকী ৰোগী হৈছে নেপালী বস্তিৰ অপৰূপা দাস,তেলাম জাঁজীৰ হৰেন পেগু আৰু জোনাই উদয়পুৰৰ খাফিয়া খাতুন ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত হোৱা 7 গৰাকী এনকেফেলাইটিছ ৰোগী ৷ জোনাই মহকুমাৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া চিকিৎসক কিশোৰ কুমাৰ কামানে মঙলবাৰে জনাই যে মহকুমাটোৰ ৬৫৭ খন গাঁৱৰ ক্ৰমে ৰামধন,জোনাই উদয়পুৰ,লক্ষী নেপালী বস্তি,ছিগা বদতি,জাঁজী,আমলখি পাইত,ডেকাপাম শান্তিপুৰ,মিছামৰা, গালী মিগাং,চন্দ্ৰপুৰ এই মুঠ দহখন গাঁৱত প্ৰধানকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰভাৱ থকা এলেকা হিচাপে চিহ্নিত কৰা হৈছে |

জোনাইত বানৰ লগতে এনকেফেলাইটিছৰ সন্ত্ৰাস
Last Updated : Jul 30, 2019, 10:57 PM IST

ABOUT THE AUTHOR

...view details