অসম

assam

ETV Bharat / state

নৱ প্ৰজন্মৰ জীৱন গঢ়াৰ প্ৰয়াসেৰে তিনি মিচিং সংগঠনৰ কাৰ্যসূচী - আগশাৰীৰ শিক্ষানুষ্ঠানৰ উপস্থিতি

তিনি মিচিং জাতীয় সংগঠনে 'নতুন মুখেৰে নতুন সংগ্ৰাম' (Anu Mikmoki Anu Mimag) শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰে ৷ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে উপস্থিত ব্যক্তিসকলে ৷

তিনি মিচিং সংগঠনৰ কাৰ্যসূচী

By

Published : Oct 1, 2019, 1:58 PM IST

জোনাই, 1 অক্টোবৰ : নৱ প্ৰজন্মক সঠিক পথ প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে তিনি মিচিং জাতীয় সংগঠনে 'নতুন মুখেৰে নতুন সংগ্ৰাম' (Anu Mikmoki Anu Mimag) শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ টি এম পি কে, এম এম কে আৰু টি এম এম কে জোনাই জিলা সমিতিৰ উদ্যোগত কেমি জেলম আঞ্চলিক, চিলে আঞ্চলিক, জনাই আঞ্চলিক আৰু আ:নৗ বিল্লাম আঞ্চলিক সমিতিয়ে মুৰ্কংচেলেক মহাবিদ্যালয় পুথিভঁৰাল প্ৰেক্ষাগৃহত এই আলোচনাচক্ৰৰ আয়োজন কৰা হয় ৷ জোনাই জিলা টি এম পি কেৰ উপ-সভাপতি মিগাং সঞ্জয় কুম্বাং দেৱৰ সঞ্চালনাত আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মিচিং বা:নৗ কৗবাঙৰ সাধাৰণ সম্পাদক মিগাং ৰাজু মেদক, টি এম পি কেৰ প্ৰাক্তন সভাপতি নৰেশ কুম্বাং আৰু টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাঙে ৷ এই অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে, নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে মূল্যৱান সময়খিনি অবাবত নষ্ট কৰিলে গোটেই জীৱন অনৰ্থক হৈ পৰিব ৷ সেয়েহে নৱ প্ৰজন্ম বিপদগামী নহৈ কঠোৰ সাধনা আৰু অধ্যয়নত ব্ৰতী থাকি ভৱিষ্যত দিনত সু নাগৰিক হোৱাৰ প্ৰচেষ্টা চলাব লাগে ৷ আত্মবিশ্বাস আৰু দৃঢ় সংকল্প নাথাকিলে কোনেও লক্ষ্যত উপনীত হ'ব নোৱাৰি বুলিও বিশিষ্ট ব্যক্তিসকলে মন্তব্য কৰে ৷

নতুন মুখেৰে নতুন সংগ্ৰাম শীৰ্ষক আলোচনাচক্ৰ

উক্ত কাৰ্যসূচীত টি এম এম কেৰ কেন্দ্ৰীয় আলোচনী সম্পাদিকা মিমৗ গীতাঞ্জলি বৰি, সদস্যা মিমৗ বিনীতা চাৰহ, টি এম পি কে জোনাই জিলা সমিতিৰ সভাপতি মিগাং কলিয়া পেগু, এম এম কেৰ সভাপতি মিগাং মুক্তিনাথ পেগু, টি এম এম কেৰ সভানেত্ৰী মিমৗ মলয়া বৰি, টি এম পি কে জোনাই জিলা সমিতিৰ সম্পাদক পংকিল পাতিৰ, সহকাৰী সম্পাদক যুদ্ধেনাথ পায়েং, শিক্ষা সম্পাদক বিনেশ পাতিৰ, এম এম কেৰ সম্পাদক মিগাং দিন পেগু, টি এম এম কেৰ সদস্যা কুমাৰী পেগু উপস্থিত থাকে । চাৰিখন আঞ্চলিক সমিতিৰ অন্তৰ্গত 18 বছৰৰ পৰা 25 বছৰৰ প্ৰায় চাৰি শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা আলোচনাচক্ৰত জোনাই অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান মুৰ্কংচেলেক মহাবিদ্যালয়, জোনাই বালিকা মহাবিদ্যালয়, জোনাই বিজ্ঞান মহাবিদ্যালয়, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিত অধ্যয়নৰত প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে |

নতুন মুখেৰে নতুন সংগ্ৰাম শীৰ্ষক আলোচনাচক্ৰ

ABOUT THE AUTHOR

...view details