জোনাই,১৮ জুন:বানত বিধ্বস্ত হৈছে ৰাজ্য়ৰ ভিন্ন প্ৰান্ত । খাদ্য-বস্ত্ৰ-বাসস্থানৰ অভাৱত ভুগিছে বন্যাৰ্তই । পশুধনো সন্মুখীন হৈছে খাদ্য সংকটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে বহুকেইখন গাঁৱৰ ঘৰবাৰী-কৃষিভূমি । বুৰ গৈছে শশ গো-পালকৰ চৰণীয়া পথাৰ ।
চিয়াং নদীৰ বাঢ়নী পানীয়ে বুৰাইছে জোনাই মহকুমাৰ অন্তৰ্গত মিৰিয়াকাল, ২.৩ নং কবু চাপৰি, পবা চাপৰি, চিয়াং নলা, ৪ নং কবু, শিৱগুৰী, দাৰিয়াচাপৰি আদি কৰি বহুকেইটা অঞ্চল । ফলত তীব্র খাদ্য সংকটে দেখা দিছে হাজাৰ-হাজাৰ পশুধনৰ মাজত । জানিব পৰামতে উক্ত অঞ্চলসমূহত থকা ৬২ গৰাকী গো-পালকৰ প্ৰায় ৪ সহস্রাধিক গৰু আৰু ছয় শতাধিক ম'হ খাদ্যৰ অভাৱত অখাদ্য খাই আক্ৰান্ত হৈছে বেমাৰত(Cow and buffalo in food crisis in Jonai) ।