ধেমাজি, ২৩ মে’ :ৰাজ্যত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত কঁপিল ধেমাজি জিলা ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰে শতাধিক অংগনৱাড়ী কৰ্মীয়ে ধেমাজি জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Anganwadi workers protest in Dhemaji) ৷ আনকি প্ৰতিবাদী অংগনৱাড়ী কৰ্মী প্ৰতিবাদস্থলীত মাননি সলনি মজুৰি দিয়ক, অংগনৱাড়ী কৰ্মীক দহ হাজাৰ আৰু সহায়িকাক আঠ হাজাৰ টকা আদায় দিয়ক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
মন কৰিবলগীয়া য়ে, এফালে আগন্তুক ২৫ মে’ত ৰাজ্য চৰকাৰে ৪৫ হাজাৰ লোকক তৃতীয় আৰু চতুৰ্থ বৰ্গ চাকৰিত নিযুক্তি দিবলৈ গুৱাহাটীত ৰাজকীয় প্ৰস্তুতি চলাই আছে ৷ এনে সময়তে আনফালে আকৌ ৰাজ্যৰ হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই চৰকাৰৰ পৰা প্ৰাপ্য মজুৰি লাভ নকৰি চাৰিদিনীয়া কৈ বিক্ষোভ কাৰ্যসূচী হাতত হৈছে ৷
২৩ মে’ৰ পৰা ২৬ মে’ লৈ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই কৰ্মবিৰতি পালন কৰি জিলাই জিলাই ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী ৷ ইয়াৰে অংশ হিচাবে ধেমাজিতো সোমাবৰে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (Protest in Dhemaji) ৷