অসম

assam

ETV Bharat / state

ধেমাজিত আৱতৰীয়া বানঃ জীয়াঢলে বুৰাইছে বিস্তীৰ্ণ অঞ্চল - বন্যাৰ্ত

ধেমাজিত আৱতৰীয়া বানত হাহাকাৰ বন্যাৰ্ত ৷ জীয়াঢল নদীয়ে বুৰাই পেলাইছে জিলাখনৰ বিভিন্ন অঞ্চল ৷

Thousand people hit by Flood In assam dhemaji
জীয়াঢল নদীয়ে বুৰাই পেলাইছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Oct 6, 2020, 8:28 PM IST

Updated : Oct 6, 2020, 8:58 PM IST

ধেমাজি, 6 অক্টোবৰ :আহিনৰ আৱতৰীয়া বানত বন্যাৰ্তৰ মাজত হাহাকাৰ ৷ বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত জিলাখনত পুনৰ জলস্তৰ বৃদ্ধি পোৱা জীয়াঢল, গাই নদী, ৰাই নদী আৰু চিমেন নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি পুনৰ অঞ্চলটো বুৰাই পেলাইছে ৷

বিশেষকৈ জীয়াঢল নদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ ভজুগাঁও, হেচুলি, শলমাৰী, চেচাসহ, আমুলগুৰি, শিঙিমাৰী, বাটঘৰীয়া পথাৰ, কেঁকুৰি, দিহিৰি, দুলুঙকানকে ধৰি 20 খনৰো অধিক গাঁও জলমগ্ন হৈছে ৷ সেইদৰে ৰাই আৰু গাই নদীৰ কবলত পৰিছে ধেমাজি লক্ষীপথাৰ গাঁও পঞ্চায়তৰ অধীনৰ 1 নং বৰুৱা, 2 নং বৰুৱা, বৰুৱা লালুং, পশ্চিম সুবাহী, দক্ষিণ সুবাহীৰ বৃহত্তৰ অঞ্চল ৷

জীয়াঢল নদীয়ে বুৰাই পেলাইছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ইপিনে, জীয়াঢলৰ বাঢ়নী পানীৰে বুৰাই পেলাইছে জীয়াঢল চাৰিআলিৰ এটা গড়কাপ্তানি পথ আৰু 15 নং ৰাষ্টীয় ঘাইপথ পানীয়ে স্পশ কৰিছে ৷ স্থানীয় জীয়াঢলৰ বন্যাৰ্তই অভিযোগ কৰা মতে, চৰকাৰ সংশ্লিষ্ট বিভাগে জিলাখনৰ বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে আজিকোপতি সদিচ্ছা প্ৰকাশ কৰা নাই ৷

আনহাতে, জীয়াঢলৰ বুকুত ঘৰ-বাৰী হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা কেঁকুৰি মাজগাঁৱৰ 28 টা পৰিয়ালে অনাহাৰে দুবিসহ জীৱন কটাইছে যদিওঁ প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তুলিছে ৷ সেয়ে ধেমাজি জিলা প্ৰশাসনক বানাক্ৰান্তক পৰ্যাপ্ত পৰিমানে সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন নাগৰিক হৰিশ পেগুৱে ৷

লগতে পঢ়ক :কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

Last Updated : Oct 6, 2020, 8:58 PM IST

ABOUT THE AUTHOR

...view details