অসম

assam

ETV Bharat / state

Third anniversary of NEP: ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে বহু বিষয় নমনীয় হৈছে; KV NHPC

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূতি উপলক্ষে কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ সংবাদমেল । কেন্দ্ৰীয় বিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে ব্য়াখ্য়া ।

By

Published : Jul 30, 2023, 12:40 PM IST

Press Meet of KV on NEP in Dhemaji
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূতি

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূতি

ধেমাজি ,৩০ জুলাই:অখিল ভাৰতীয় শিক্ষা সমাজৰ অংশ হিচাপে ধেমাজি জিলাৰ গেৰুকামুখৰ এন এইচ পি চিত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত ধেমাজি প্ৰেছ ক্লাৱত জিলা পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰা হয় ৷ কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ অধ্যক্ষ মানিচ টিলকে কয়, "ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ তৃতীয় শিক্ষা নীতি ৷ এই শিক্ষাৰ জৰিয়তে আমাৰ দেশৰ একবিংশ শতিকাত বহু বিষয় নমনীয়, বহল ভিত্তিত শিক্ষাৰ মান গুণগত আৰু সমালোচনাত্মক চিন্তাধাৰাক প্ৰসাৰিত কৰা অধ্যয়নৰ পৰিৱৰ্তে শিক্ষণত মনোনিৱেশ কৰা আৰু বৈজ্ঞানিক স্বভাৱক উৎসাহিত কৰা ক্ষেত্ৰত সহায়ক হ'ব ৷"

অধ্যক্ষগৰাকীয়ে কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে কেন্দ্ৰীয় বিদ্যালয়ৰ অংশ হিচাপে নিৰৱিচ্ছিন্নভাৱে শিক্ষা প্ৰদান কৰি অহাৰ লগতে দেশৰ দূৰৱৰ্তী স্থানলৈকে গুণগত শিক্ষা আগবঢ়াই আহিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৷ প্ৰসংগক্ৰমে তেওঁ কয় যে, কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে নামভৰ্তিৰ ক্ষেত্ৰত ৫+৩+৩+৪ পৰ্যায়ত কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত প্ৰথম শ্ৰেনীৰ নামভৰ্তি বয়স ৬+বছৰলৈ সংশোধন কৰা হৈছিল ৷ নিপুন ভাৰতৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে ফাউণ্ডেচন লিটাৰেচি এণ্ড নিউমেৰাচিৰ লক্ষ্য পূৰণৰ বাবে শিক্ষণ ফলাফল সন্তোষজনক বুলি উল্লেখ কৰে ৷

তেওঁ পুনৰ কয় যে কেন্দ্ৰীয় বিদ্যালয়ে বাস্তৱ জীৱনৰ দক্ষতা আৰু স্বাৱলম্বিতাৰ বিকাশৰ বাবে অষ্টম শ্ৰেনীৰ পৰা সকলো কেভিতে কৃত্ৰিম বৃদ্ধিমত্তাক বৃত্তিমূলক বিষয় হিচাপে প্ৰৱৰ্তন কৰা হৈছে ৷ উল্লেখ্য যে পিএমই-ভিডিয়াই ডিজিটেল,অনলাইন,অন-এয়াৰ মাধ্যমৰ শিক্ষাই একত্ৰিত কৰে আৰু এই শিক্ষাৰ বাবে ৱান নেচন ৱান ডিজিটেল প্লেটফৰ্ম , ১২ টা স্বয়ংক্ৰিয় প্ৰভা টিভি চেনেল, ১১ টা জ্ঞানবাণী এফ এম ৰেডিঅ' ষ্টেচন, ২৫৫ টা কমিউনিটি ৰেডিঅ' ষ্টেচন, ১৩২ টা দীক্ষা জ্ঞান বিনিময়ৰ বাবে ডিজিটেল আন্তঃগাঁথনি অন্তভুৰ্ক্তৰ কৰা হৈছে ।

এই প্ৰস্তুতিৰ বাবে ইতিমধ্যে ১.৭ কোটি কন্টেন্টৰ সৈতে অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচন আৰু নেচনেল ডিজিটেল লাইব্ৰেৰী অৱ ইণ্ডিয়াৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে এক বৃহত জ্ঞানৰ অনলাইন ভঁৰাল চলাই আছে বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰ শিক্ষক সকলক সুকীয়া সুকীয়াকৈ প্ৰশিক্ষণ দিয়াৰ উপৰি হ্ৰস্বম্যাদী কৰ্মশালা, ইন ছাৰ্ভিছ ট্ৰেইনিং আৰু এক সময়তে কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ শিক্ষক সকলে বিভিন্ন হ্ৰস্ব বিদ্যাঞ্জলি কাৰ্যসূচীৰ অংশ হিচাপে ওচৰৰ বিদ্যালয় সমূহত কৰ্মশালা ইত্যাদি ব্যৱস্থা সম্পৰ্ক অৱগত কৰে ৷

ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষা অঞ্জনাই সংবাদমেলত উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্পৰ্কে বিশ্বৰ বিভিন্ন উন্নত দেশৰ সৈতে তুলনা কৰি বিভিন্ন উদাহৰণেৰে বক্তব্য আগবঢ়ায় ৷ সংবাদমেলত কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ বিষয় শিক্ষকদ্বয় ৰোপেন্দ্ৰ মেচৰাম আৰু আৰ্ৰিক পোদ্দাৰ , ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ বিষয় শিক্ষক ৰিতু মহন্তৰ লগতে ৰাজ্যিক একাডেমীক পৰিষদৰ সম্পাদক খগেন পেগুকেউপস্থিত থাকে ৷

লগতে পঢ়ক:Conservation of Namtipul : ঐতিহাসিক নামতিপুল সংৰক্ষণৰ দাবীত সামাজিক মঞ্চ পোহৰৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details