ধেমাজি, 9 নৱেম্বৰ :আচামী হৰেন শইকীয়া ৷ অপৰাধৰ গোচৰত অভিযুক্ত হৈ আৰক্ষীৰ দ্বাৰা আটক হৈছিল হৰেন শইকীয়া নামৰ যুৱকজন ৷ ইয়াৰ পাচতে বুধবাৰে জিম্মাত থকাৰ অৱস্থাতে ধৃত হৰেনক অসুস্থতাৰ বাবে আৰক্ষীয়ে ভৰ্তি কৰাইছিল ধেমাজি অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে নিশালৈ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল ধূৰ্ত আচামী হৰেনে (Thieves escape from Dhemaji Civil Hospital) ৷
কৰ্তব্যৰত আৰক্ষীৰ পহৰাৰ মাজতে চিকিৎসাধীন হৈ থকা এটা আচামীৰ পলায়নে চিন্তাত পেলালে ধেমাজি আৰক্ষীক ৷ এই লৈ জিলাখনৰ জনসাধাৰণৰ নিৰাপত্তাৰ নামত ধেমাজি আৰক্ষীৰ ভূমিকাক লৈও সচেতন মহলে তুলিছে এতিয়া প্ৰশ্ন ৷ চিকিৎসালয়ত পহৰাৰ নামত নিয়োজিত আৰক্ষীক বুৰ্বক সজাই অতি সহজতে এটা আচামীয়ে পলায়ন কৰা এই ঘটনাৰ পাচত ৰাইজৰ প্ৰশ্ন, এয়াই নেকি ধেমাজীৰ স্মাৰ্ট আৰক্ষী; যিয়ে এটা আচামীকো ধৰি ৰাখিব নোৱাৰে ৷
ইফালে জিম্মাৰ পৰাই এটা আচামীয়ে পলায়ন কৰা এই ঘটনাই নিদ্ৰা ভংগ কৰিলে ধেমাজি আৰক্ষীৰ ৷ শীৰ্ষ মহলৰ পৰা প্ৰশ্নৰ মুখামুখী হোৱাৰ পূৰ্বেই আৰক্ষীৰ দল নামি পৰিল পলাতক আচামী হৰেনৰ সন্ধানত ৷ খবৰ দিয়া হ’ল জিলাখনৰ প্ৰতিখন আৰক্ষী থানাত ৷