জোনাই,2 এপ্ৰিল:পুনৰ অস্বাভাৱিকভাৱে লেতেৰা হৈছে চিয়াং নৈৰ পানী ৷ বিগত কেইদিনমানৰ আগলৈ স্বচ্ছ আৰু নির্মলভাৱে বৈ থকা চিয়াং নৈৰ পানী হঠাতে ঘোলা হ'বলৈ ধৰাত চিন্তিত হৈ পৰিছে অৰুণাচল প্রদেশৰ পূৱ চিয়াং জিলাৰ লগতে নামনি অসমৰ চিয়াং-ব্রহ্মপুত্র নৈপৰীয়া ৰাইজ ৷ নৈখনৰ আশে-পাশে থকা মাছমৰীয়া তথা গো-পালকসকল অধিক চিন্তিত হৈ পৰিছে ৷ 2017 চনত চীনৰ পৰা বৈ অহা নৈখনত চিমেণ্ট মিশ্ৰিত পানী বৈ অহাৰ দৰে পুনৰ ঘোলা পানী প্ৰবাহিত হোৱাত চিয়াং উপত্যকাৰ অসম-অৰুণাচল প্রদেশৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কিয়নো পানী ঘোলা হোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে নৈখনৰ জলপৃষ্ঠ ৷
ইতিমধ্যে অৰুণাচল প্রদেশত কেন্দ্রীয় জল আয়ােগে এই সন্দৰ্ভত পৰ্যবেক্ষণ আৰম্ভ কৰিছে যদিও প্ৰকৃত কাৰণ জানিব পৰা নাই ৷ চিয়াং নদীৰ উৎস পাহাৰত ভূমিস্খলন নে বৰষুণৰ ফলত নে আন কিবা কাৰণত এনেদৰে ঘােলা পানী প্রবাহিত হৈছে সেই সন্দৰ্ভত পর্যবেক্ষণ কৰি আছে বিভাগীয় কৰ্তৃপক্ষই ৷ ইপিনে, স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াঙৰ উৎস তিব্বতত চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনে বৃহৎ নদী বান্ধ নির্মাণ কৰাৰ ফলত এনেদৰে চিয়াং নদীত অস্বাভাবিকভাৱে ঘােলা পানী প্রবাহিত হােৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।
পুনৰ ঘোলা হৈ পৰিছে চিয়াঙৰ পানী উল্লেখ্য যে, কিছু বছৰৰ পূৰ্বেও চিয়াং নদীৰ বুকুত অস্বাভাবিকভাৱে ঘােলা পানী প্রবাহিত হৈছিল । ঘােলা পানী প্রবাহিত হােৱাৰ ফলত চিয়াং নৈত বহু মাছ-কাছৰ মৃত্যু হোৱাৰ লগতে 2000 চনত চীনে এৰি দিয়া চিয়াং নদীৰ ঢলে মুহুৰ্তৰ ভিতৰত অসম-অৰুণাচলৰ চিয়াং উপত্যকাৰ বহু গাঁৱত প্রলয়ৰ সৃষ্টি কৰিছিল ৷ বিভিন্ন সময়ত কেন্দ্রীয় চৰকাৰ আৰু অসম-অৰুণাচল প্রদেশৰ চৰকাৰক চীন দেশে বাৰম্বাৰ চিয়াং নদীত ঘােলা পানী এৰি দিয়াৰ সন্দৰ্ভত উচিত অনুসন্ধান কৰি প্ৰয়ােজনীয় পদক্ষেপ গ্রহণেৰে চিয়াং নদী আৰু চিয়াং উপত্যকাৰ সভ্যতাক সুৰক্ষা দিবলৈ ৰাইজে দাবী জনাই আহিছে ।
শেহতীয়াকৈ অৰুণাচল প্রদেশৰ পূব চিয়াং জিলাৰ জলসম্পদ বিভাগৰ কার্যবাহী অভিযন্তা জি প্ৰেতিনে তিব্বত পাহাৰত হােৱা ভূমিস্খলনৰ ফলত চিয়াং নদীত ঘােলা পানী প্রবাহিত হােৱা বুলি জানিবলৈ দিছে ৷ ৰাইজে এই ঘটনা ৰঙা চীনৰ ষড়যন্ত্ৰৰ ফলত সংঘটিত হােৱা বুলি অভিযােগ কৰিছে । এনেদৰে হঠাৎ চিয়াং নদীৰ পানী ঘােলা আৰু লেতেৰা হৈ প্ৰবাহিত হোৱাত অৰুণাচল প্রদেশৰ প্রাক্তন সাংসদ তথা বর্তমানৰ পশ্চিম পাচিঘাট সমষ্টিৰ বিধায়ক নিনং ইৰিঙে বৃহস্পতিবাৰে চিয়াং নদী পৰিদর্শন কৰে । বিধায়ক গৰাকীৰ মতে এয়া চীনৰ য়াৰলুং চাংপু নৈৰ ওপৰত এক বৃহৎ নদীবান্ধ নির্মাণৰ বাবে পাহাৰ খননৰ ফলত পুনৰ ঘােলা হৈ পৰিছে চিয়াং নৈৰ পানী ৷
লগতে পঢ়ক:কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে মেৰাপানীৰ এজন কৃষকে