অসম

assam

Bhupen Hazarika book launche : পাচিঘাটত উন্মোচন ভূপেন হাজৰিকা গ্ৰন্থৰ তৃতীয় সংস্কৰণ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:24 PM IST

পাচিঘাটৰ শস্য উদ্যান মহাবিদ্যালয় সভাগৃহত উন্মোচন কৰা হয় ভূপেন হাজৰিকা গ্ৰন্থৰ তৃতীয় সংস্কৰণ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে ৷

Horticulture collage Auditorium
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি ৯৭ তম্ জন্ম বাৰ্ষিকী

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি ৯৭ তম্ জন্ম বাৰ্ষিকী

জোনাই, ৮ ছেপ্টেম্বৰ :অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি ৯৭ তম্ জন্ম বাৰ্ষিকী ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে যাযাবৰী শিল্পীগৰাকীক ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত পাচিঘাটৰ শস্য উদ্যান মহাবিদ্যালয় সভাগৃহত উন্মোচন কৰা হয় ভূপেন হাজৰিকাৰ চিত্ৰচলৰ পৰা প্ৰকাশিত তৃতীয় সংস্কৰণ ‘‘ভূপেন হাজৰিকাৰ গ্ৰন্থ’’ ৷

ড৹ বনজিৎ ভটিয়াই সঞ্চালনা কৰা তৃতীয় সংস্কৰণ ড৹ ভূপেন হাজৰিকাৰ চিত্ৰচলৰ পৰা প্ৰকাশিত গ্ৰন্থখন শুভ উন্মোচন কৰে পাচিঘাটৰ শস্য উদ্যান মহাবিদ্যালয়ৰ আধ্যক্ষ ড৹ বি এন হাজৰিকাই ৷ এই গ্ৰন্থখন সম্পাদনা কৰিছে উৎপল মিনাই ৷ গ্ৰন্থখনৰ অনুবাদক হৈছে ড৹ অভিজিৎ দত্ত ৷

‘‘ভূপেন হাজৰিকাৰ গ্ৰন্থ’’ৰ তৃতীয় সংস্কৰণ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিশু সাহিত্য ন্যাসৰ সচিব তথা সু-বক্তা আৰু সু-লেখক ঋষিকেশ গোস্বামীয়ে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, ‘‘ড৹ ভূপেন হাজৰিকাই আজিৰ পৰা বহু বছৰ আগতেই অসম অৰুণাচলৰ সমন্বয় সেতু শক্তিশালী কৰি থৈ গৈছে’’ ৷

উল্লেখ্য যে, পাচিঘাটৰ শস্য উদ্যান মহাবিদ্যালয় সভাগৃহত আয়োজিত উক্ত অনুষ্ঠানত ড৹ ভূপেন হাজৰিকাৰ কেবাটাও গীত পৰিৱেশন কৰা হয় ৷ এই অআৰম্বপূৰ্ণ অনুষ্ঠানটোত পাছিঘাটত বিধান সভাৰ ৩৮ নং সমষ্টিৰ বিধায়ক কালিং ময়ং, ড৹ ভূপেন হাজৰিকাৰ ভাতৃ নিয়ৰ হাজৰিকা, মেৰা ধৰম মেৰি, অভিনেতা জৰাম টানজিঙৰ লেখক কালিং বৰাং ৷

লগতে এই অনুষ্ঠানত অসম অৰুণাচলৰ কেবাগৰাকীও লেখক-লেখিকা তথা শিল্পীৰ লগতে যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :Neglected Bhupen Hazarika Memorial Open Stage : সুধাকণ্ঠক এলাগী; ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ

ABOUT THE AUTHOR

...view details